comScore
  • ভূটান ভ্ৰমণ কৰিলে দীপিকা পাডুকনে! সাধাৰণ লোকৰ দৰেই চেল্ফী তুলিলে স্থানীয় লোকৰ স’তে, মুগ্ধ অভিনেত্ৰীৰ অনুৰাগীসকল

    মনোৰঞ্জন
    ভূটান ভ্ৰমণ কৰিলে দীপিকা পাডুকনে! সাধাৰণ লোকৰ দৰেই চেল্ফী তুলিলে স্থানীয় লোকৰ স’তে, মুগ্ধ অভিনেত্ৰীৰ অনুৰাগীসকল
    ডিজিটেল ডেস্কঃ ভূটান ভ্ৰমণ কৰিলে দীপিকা পাডুকন৷ অভিনেত্ৰীগৰাকীয়ে ভূটানত তোলা এখন চেল্ফী ভাইৰেল হৈ পৰিছে। জানিব পৰা গৈছে যে অভিনেত্ৰীগৰাকীয়ে ভূটানৰ বহু ঠাই ভ্ৰমণ কৰিলে। অভিনেতা তথা স্বামী ৰণবীৰ সিঙৰ অবিহনেই তেওঁ ভূটানলৈ আহিছিল৷

    জানিব পৰা মতে, যোৱা সপ্তাহত ভূটানত ভৰি দিছিল দীপিকা। সাধাৰণ পৰ্যটকৰ দৰেই তেওঁ তাত ঘূৰি ফুৰে। কেফেত সময় কটাইছিল। আনকি, ভূটানৰ বিখ্যাত টাইগার্স নেস্ট মনাস্টৰিলৈ গৈছিল অভিনেত্ৰীগৰাকী। দীপিকাই স্থানীয় লোকৰ স’তে চেলফিও তুলিছে৷

    স্থানীয় এগৰাকী মহিলাই অভিনেত্ৰীগৰাকীৰ সৈতে নিজৰ ফটো পোষ্ট কৰি লিখিছে, “মই তেওঁৰ গোপনীয়তাৰ অনুৰোধক সন্মান কৰো। চিনেমাৰ পৰ্দাৰ দৰেই তেওঁ বাস্তৱতো অতি সহজ সৰল ব্যক্তি। সেয়ে তেওঁ এই ছবিখন তুলিবলৈ সন্মতি দিলে।''

    দীপিকাই ভূটানৰ চহৰ পাৰোৰ এখন কেফেৰ কৰ্মীসকলৰ সৈতে চেল্ফী তুলিলে। সংশ্লিষ্ট কেফেখনে ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ এখন ছবি পোষ্ট কৰি লিখিছে, “ইয়ালৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনাক সেৱা আগবঢ়াই আমি আনন্দিত হৈছো।''

    সূত্ৰ অনুসৰি, দীপিকাই নিজৰ পৰিয়ালসহ ভূটানলৈ আহিছিল। আন এক সূত্ৰই দাবী কৰিছে যে দীপিকাৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে নিজৰ সৈতে অকলে সময় কটাবলৈ। ভ্ৰমণ সামৰি মঙলবাৰে গভীৰ নিশা মুম্বাইলৈ উভতি আহে দীপিকা।