comScore
  • ''হাতত টকা থাকিলে মানুহক হতাশা, ডিপ্ৰেচনৰ দৰে মানসিক সমস্যাবোৰে গ্ৰাস কৰে।’’- অভিনেতা নৱাজুদ্দিন ছিদ্দিকী

    মনোৰঞ্জন
    ''হাতত টকা থাকিলে মানুহক হতাশা, ডিপ্ৰেচনৰ দৰে মানসিক সমস্যাবোৰে গ্ৰাস কৰে।’’- অভিনেতা নৱাজুদ্দিন ছিদ্দিকী
    ডিজিটেল ডেস্কঃ ডিপ্ৰেছন মানুহৰ এক মানসিক ব্যাধি। জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে ডিপ্ৰেচনৰ সম্পৰ্কত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। তেওঁৰ মতে হতাশাৰ ধাৰণাটো অতি চহৰকেন্দ্ৰিক। ধনী মানুহৰ ঘৰত এই ৰোগৰ জন্ম হয় শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ ‘মানসিক হতাশা’ৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে কৈছিল।

    নৱাজুদ্দিনৰ মতে সাধাৰণ জীৱনত হতাশাৰ কোনো লক্ষণ নাথাকে। যিসকল সুবিধাভোগী নহয় তেওঁলোকৰ বাবে এই শব্দবোৰৰ কোনো অৰ্থ নাই। তেওঁৰ মতে, হতাশাৰ ধাৰণাটো অতি চহৰকেন্দ্ৰিক। সৰু সৰু আৱেগবোৰকো চহৰৰ মানুহে ডাঙৰ কৰি দেখুৱায়। ‘হতাশা’ শব্দটো গাঁৱৰ মানুহৰ ইমানেই অচিনাকি যে কোনোবাই যদি দেউতাকক ‘মই ডিপ্ৰেছনত ভুগিছো’ বুলি কয়, তেন্তে পিতৃয়ে তেওঁক চৰ মাৰি দিব।

    তেওঁ কয়, “মই য’ৰ পৰা আহিছো, এই সকলোবোৰ সমস্যাৰ কথা দেউতাক ক’লে তেওঁ মোক চৰ মাৰিলেহেঁতেন। গাঁৱত কোনেও হতাশ নহয়। তাত সকলো সুখী। মই উদ্বেগ, হতাশা, বাইপোলাৰ—এই শব্দবোৰ চহৰলৈ আহি শিকিলোঁ।’’

    নৱাজুদ্দিনৰ মতে- ''সাধাৰণ মানুহ যিসকল সুবিধাভোগী নহয়, তেওঁলোকে এইবোৰ নাজানে। কোনো শ্ৰমিক বা ৰাজপথৰ বাসিন্দাক হতাশাৰ বিষয়ে সোধকচোন! তেওঁলোকে নাজানে হতাশা কি। হাতত টকা থাকিলে হতাশাৰ দৰে সমস্যাবোৰে গ্ৰাস কৰে।’’

    নৱাজুদ্দিনৰ ৰোমান্টিক কমেডী ছবি ‘জোগিৰা চাৰা ৰা ৰা’ মুক্তিৰ অপেক্ষাত আছে। ছবিখনত নেহা শৰ্মাক নৱাজৰ বিপৰীতে দেখা যাব। ছবিখনে ২৬ মে’ত মুক্তি পাব। তদুপৰি, নৱাউদ্দিনক ‘ইমাৰ্জেন্সি’ আৰু ‘আফৱাহ’ নামৰ দুখন চিনেমাতো দেখা যাব।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388