comScore
  • হলিউডতো ৰিমেক হ’ব 'দৃশ্যম’! মোহনলাল অভিনীত মালয়ালম ছৱিখন পুননিৰ্মাণ হোৱাৰ সম্ভাৱনা আছে চীন, জাপান, কোৰিয়াতো!

    মনোৰঞ্জন
    হলিউডতো ৰিমেক হ’ব 'দৃশ্যম’! মোহনলাল অভিনীত মালয়ালম ছৱিখন পুননিৰ্মাণ হোৱাৰ সম্ভাৱনা আছে চীন, জাপান, কোৰিয়াতো!
    ডিজিটেল ডেস্কঃ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ভাষাত ৰিমেক হ’ব মালয়ালম ছৱি 'দৃশ্যম’। মালয়ালম মহাতাৰকা মোহনলালে অভিনয় কৰা ছৱিখনেআন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰিমেক কৰা হ’ব। মোহনলালে ছৱিখনত বিখ্যাত চৰিত্ৰ জৰ্জ কুটীৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

    এতিয়া ছবিখন হলিউডৰ ইংৰাজীকে ধৰি কেইবাটাও ভাষাত নিৰ্মাণ কৰা হ’ব। মালয়ালম ছৱি উদ্যোগত চুপাৰহিট হোৱা ছৱিখনে এতিয়ালৈকে বলীউডতো  দুবাৰকৈ ৰিমেক হৈছিল। যোৱা বছৰ মুক্তি পোৱা হিন্দী ভাষাৰ দৃশ্যম-২ ছবিখনে ভাৰতৰ বক্স অফিচত প্ৰায় ২৫০ কোটি টকা উপাৰ্জন কৰিছিল।

    এক বিবৃতিত পেনোৰামা ষ্টুডিঅ’ ইণ্টাৰনেশ্যনেল লিমিটেডে কয় যে, “দৃশ্যাম ২ (হিন্দীত)ৰ প্ৰচণ্ড সফলতাৰ পিছত পেনোৰামা ষ্টুডিঅ’ ইণ্টাৰনেশ্যনেল লিমিটেডে ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছে যে তেওঁলোকে মালয়ালম ভাষাৰ ছবি “দৃশ্যাম আৰু দৃষ্টিম ২”ৰ পুনৰ্নিৰ্মাণৰ অধিকাৰ অৰ্জন কৰিছে।’’

    বিবৃত্তটত আৰু কোৱা হয় যে ইংৰাজীকে ধৰি  সকলো অ-ভাৰতীয় ভাষাত ছৱিখন নিৰ্মাণ কৰাৰ অধিকাৰ লাভ কৰিছে। কিন্তু ফিলিপাইনছ, সিংহলী আৰু ইণ্ডোনেছিয়ান ভাষাত এই স্বত্ব লাভ কৰা নাই।’’

    চীনা, কোৰিয়ান, জাপানীজ আৰু হলিউডতো ছৱিখন ৰিমেক কৰাক লৈ তেওঁলোকে চিন্তা-চৰ্চা কৰি আছে বুলি বিবৃত্তিটোত জনায়।

    ২০১৩ চনত প্ৰথমবাৰৰ বাবে মালয়ালম ভাষাত মুক্তি লাভ কৰা এই ছবিৰ লেখক আৰু পৰিচালক জীথু জোচেফ আৰু মুখ্য চৰিত্ৰত আছিল মোহনলাল। ছবিখনত জৰ্জ কুটি আৰু তেওঁৰ পৰিয়ালৰ কাহিনী বৰ্ণনা কৰা হৈছে। হিন্দী, তামিল, আৰু তেলেগু ভাষাতো দৃশ্যাম পুনৰ নিৰ্মাণ কৰা হৈছে। এইসমূহত ছৱিখনৰ নায়ক হৈছিল অজয় ​​দেৱগন, কমল হাছান, আৰু ভেংকটেশ।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388