ডিজিটেল ডেস্কঃ ফেশ্বন শ্ব’ত ৰেম্পৱাক কৰোতে পশ্চিমীয়া পোছাক পৰিহিতা মডেলৰ শিৰত দেখা গ’ল সেন্দূৰ! আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক ফেশ্বন উইকত দেখা গ’ল এই দৃশ্য।
নেপালী-আমেৰিকান ডিজাইনাৰ প্ৰবাল গুৰুঙে এই ফেশ্বন ট্ৰেণ্ড আৰম্ভণি কৰিছে। তেওঁ হিন্দু ধৰ্মীসকলৰ ৰীতি-নীতিসমূহ ফেশ্বন জগতলৈ লৈ গৈছে। নিজে উদ্ভাৱন কৰা সাজ-সজ্জাৰ মাজেৰে হিন্দু ৰীতি-নীতিৰ আভাস দাঙি ধৰিছে তেওঁ। সেইবাবেই বিদেশী মডেলক সেন্দূৰ পৰিধান কৰোৱা হৈছে।
প্ৰবালে নেপালৰ ‘অনিচা’ শৈলীৰ সৈতে পশ্চিমীয়া সাজ-পোছাকৰ সংমিশ্ৰণ ঘটাইছে। নেপালৰ ‘অনিচা’ পৰম্পৰাত বিবাহিতা মহিলাসকলে সেন্দূৰ লয়। সেইবাবেই প্ৰবাল গুৰুঙে পশ্চিমীয়া পৰিধানৰ লগত মিলাকৈ বিদেশী মডেলসকলৰ শিৰত সেন্দূৰ পৰিধান কৰোৱাইছিল। কেৱল ৰঙা নহয়, বগা আৰু গোলাপী ৰঙৰ সেন্দূৰো ফেশ্বন শ্ব’টোত দেখা গ’ল।
প্ৰবালে এক সাক্ষাৎকাৰত কয়, "নেপালত সেন্দূৰৰ দ্বাৰা স্বামীৰ অস্তিত্বৰ ইংগিত দিয়া হয়। স্বামীৰ মৃত্যুৰ পিছত সেয়া মচি পেলোৱা হয়। মই মোৰ ডিজাইনৰ জৰিয়তে বুজাব বিচাৰিছিলো যে জীৱনত একোৱেই নিৰন্তৰ নহয়, সেয়ে জীৱনৰ পৰিৱৰ্তনক ভয় কৰি আগবাঢ়ি যোৱা উচিত।’’
Leave A Comment