comScore
  • 'ৰং বৰছে...’ৰ পৰা 'বালাম পিচকাৰী’লৈকে! ৰঙৰ উৎসৱক লৈ বলিউডত সৃষ্টি হৈছে কেইবাটাও জনপ্ৰিয় গান, কি কি?

    মনোৰঞ্জন
    'ৰং বৰছে...’ৰ পৰা 'বালাম পিচকাৰী’লৈকে! ৰঙৰ উৎসৱক লৈ বলিউডত সৃষ্টি হৈছে কেইবাটাও জনপ্ৰিয় গান, কি কি?
    ডিজিটেল ডেস্কঃ বলিউড আৰু হোলী। ৰঙৰ উৎসৱক লৈ কেইবাবাৰো বলিউডত গান কৰা দেখা যায়। গানসমূহ অত্যন্ত জনপ্ৰিয়ও হৈ আহিছে। হোলীৰ দিনাও এইসমূহ গান বজোৱা দেখা যায়। এইখিনিতে চাওঁ আহক বলিউডৰ কেইটামান চীৰেসউজ হোলীগীতৰ বিষয়ে-

    ১) ২০১৩ চনৰ 'য়েহ জৱানী হায় দীৱানী’ ছৱিখনৰ এটা জনপ্ৰিয় গান- 'বালাম পিচকাৰী জো টুনে মুঝে মাৰি’। বিশেষকৈ হোলী গীতটো নৱপ্ৰজন্মৰ মাজত অতি জনপ্ৰিয়। এই গীতটোত ৰণবীৰ কাপুৰে দীপিকা পাডুকনক ৰঙীন পানীৰে তিয়াই দিয়ে।  ছবিখনে বক্স অফিচত ৩১০ কোটি টকাৰ বৃহৎ উপাৰ্জন কৰে।

    ২) ২০০৩ চনৰ 'বাগৱান’ ছবিৰ হোলী গীত ‘হোলী খেলে ৰঘুবীৰা’ও এই উৎসৱত বজোৱা আটাইতকৈ জনপ্ৰিয় ট্ৰেক। এই গীতটোত অমিতাভ বচ্চনে হেমা মালিনীৰ ৰং আৰু গুলালৰ ছিটিকনিৰে উৎসৱ উদযাপন কৰিছে। লগতে এই ছবিখনেও বক্স অফিচত ৪৩.১১ কোটি টকা উপাৰ্জন কৰে। এই ছবিখন মানুহে বৰ ভাল পাইছিল।

    ৩)  ১৯৯৩ চনৰ ‘দৰৰ’ ছবিৰ ‘অং ছে অং লগানা সাজন’ গীতটোও হোলীৰ বাবে এক জনপ্ৰিয় গীত। জুহি চাওলা, অনুপম খেৰ, ছানী দেওল আৰু শ্বাহৰুখ খানে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ সমান্তৰালকৈ ‘দৰ’ ছবিখনে বক্স অফিচত ২২ কোটি টকা সংগ্ৰহ কৰিছিল আৰু এই ছবিখন ৰাইজে বহুত ভাল পাইছিল।

    ৪) ১৯৮১ চনৰ ‘চিলচিলা’ ছবিৰ ‘ৰং বৰছে ভীগে চুনাৰ ৱালি’ গীতটো অবিহনে হোলীৰ মজা আধৰুৱা। হোলী পাৰ্টিত ৰং বৰষুণ নোহোৱালৈকে যেন উৎসৱৰ মজা সম্পূৰ্ণ নহয়। এই গীতটি ছবিখনত অমিতাভ বচ্চন, ৰেখা, জয়া ভাদুৰী আৰু সঞ্জীৱ কুমাৰক লৈ শ্বুটিং কৰা হৈছে আৰু সেই সময়ত ছবিখনে বক্স অফিচত ৭ কোটি টকা সংগ্ৰহ কৰিছিল।