comScore
  • 'জাভেদ আখটাৰ দেশৰ আদৰ্শ মুছলমান! দেশৰ সকলো মুছলমানৰ বাবে তেওঁ আদৰ্শ!’’- এইদৰে ক’লে ৰাজ থাকৰেই, কিয়?

    মনোৰঞ্জন
    'জাভেদ আখটাৰ দেশৰ আদৰ্শ মুছলমান! দেশৰ সকলো মুছলমানৰ বাবে তেওঁ আদৰ্শ!’’- এইদৰে ক’লে ৰাজ থাকৰেই, কিয়?
    ডিজিটেল ডেস্কঃ জাভেদ আখতাৰ এই দেশৰ ‘আদৰ্শ মুছলমান’। মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ নেতা ৰাজ থাকৰেয়ে বলীউডৰ জনপ্ৰিয় গীতিকাৰগৰাকীক এইদৰে প্ৰশংসা কৰে। তেওঁক 'আদৰ্শ মুছলমান’ৰ উপাধিও প্ৰদান কৰে।

    'গুডী পৰৱা’ অনুষ্ঠানৰ সময়ত মুম্বাইত এক ৰেলীত জাভেদ আখতাৰৰ কথা উল্লেখ কৰে ৰাজ থাকৰেই। গীতিকাৰজনক প্ৰশংসা কৰি তেওঁ কয়, ''জাভেদ আখতাৰ আদৰ্শ মুছলমান। দেশৰ সকলো মুছলমানে তেওঁৰ পৰা শিকিব লাগে।’’

    বুধবাৰে মুম্বাইৰ দাদাৰৰ ছাত্ৰপতি শিৱাজী মহাৰাজ পাৰ্কত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ থাকৰে। তাতে প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে জাভেদ আখতাৰে ২৬/১১ক লৈ কৰা মন্তব্যৰ কথা উল্লেখ কৰে।

    থাকৰেই কয়- "মই এই দেশত জাভেদ আখতাৰৰ দৰে মানুহ বিচাৰো। মই বিচাৰো ভাৰতীয় মুছলমানসকলে পাকিস্তানৰ বিৰুদ্ধে মাত মাতি তেওঁলোকক জনাওক আমি কিমান শক্তিশালী। জাভেদ আখতাৰে তেনেকুৱা কৰিছে, আৰু মই বিচাৰো দেশৰ বাকী মুছলমানসকলো তেওঁৰ দৰে হওক।”

    প্ৰসংগক্ৰমে, ফেব্ৰুৱাৰী মাহত জাভেদ আখতাৰে কবি ফৈজ আহমেদ ফৈজৰ স্মৃতিত এক অনুষ্ঠানত পাকিস্তানৰ লাহোৰলৈ গৈছিল। সেই অনুষ্ঠানত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে মুম্বাই আক্ৰমণৰ বিষয়ে মুখ মেলিছিল।

    আখটাৰে কৈছিল- ''মুম্বাই আক্ৰমণৰ বিষয়ে সকলোৱে সচেতন। আক্ৰমণকাৰী নৰৱে বা ইজিপ্তৰ পৰা অহা নাছিল। মুম্বাই আক্ৰমণৰ ষড়যন্ত্ৰকাৰীসকলে এতিয়াও আপোনাৰ দেশত মুক্তভাৱে ঘূৰি ফুৰিছে। যদি ভাৰতীয়সকলে এই বিষয়ে ক্ষোভ পুঁহি ৰাখে, তেন্তে আপোনালোকেও সেইটো বুজি পোৱা উচিত।''

    জাভেদ আখতাৰৰ এই মন্তব্যৰ পিছতে ছচিয়েল মিডিয়াত বিতৰ্কৰ ধুমুহা সৃষ্টি হয়। সেই মন্তব্যৰ বাবে জাভেদৰ প্ৰশংসাৰে কংগনা ৰানাৱটেও মন্তব্য কৰিছিল।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388