comScore
  • আৰু চিনেমাত অভিনয় নকৰে নেকি কাজল আগৰাৱালাই? সামাজিক মাধ্যমত ৰহস্যময় প’ষ্ট

    মনোৰঞ্জন
    আৰু চিনেমাত অভিনয় নকৰে নেকি কাজল আগৰাৱালাই? সামাজিক মাধ্যমত ৰহস্যময় প’ষ্ট
    ডিজিটেল ডেস্কঃ আৰু চিনেমাত অভিনয় নকৰে কাজল আগৰৱালে। খবৰ অনুসৰি, দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনত অধিক মনোনিৱেশ  পুত্ৰ নীল কিচলুক সময় দিবলৈকে অভিনয় বাদ দিয়াৰ সিদ্ধান্ত লৈছে।

    অৱশ্যে এতিয়ালৈকে এইয়া কেৱল উৰাবাতৰি হৈ আছে। শেহতীয়াকৈ কাজলে তেওঁৰ এখন ছবিৰ সৈতে টুইটাৰ হেণ্ডেলত এটা ৰহস্যময় পোষ্ট কৰিছিল।

    তাত তেওঁ লিখিছে- যেতিয়া আপুনি দায়িত্ববোৰৰ মাজত সোমাই পৰিব আৰু তাৰমাজতে উশাহ ল’ব। অনুৰাগীসকলে ইয়াৰ পৰাই দায়িত্বসমূহৰ বিষয়ে অনুমান কৰিছে।

    'হেই চিনামিকা’খ্যাত অভিনেত্ৰীগৰাকীয়ে মুঠ প্ৰায় ৫৫খন ছবিত অভিনয় কৰিছে। তেওঁৰ কিছুমান বিখ্যাত চিনেমা হ’ল: মিষ্টাৰ পাৰফেক্ট, জিলা, থুপাক্কি, ডাৰ্লিং। অজয় দেৱগনৰ বিপৰীতে ৰোহিত শ্বেট্টীৰ সিংহাম ছবিতো কাম কৰিছিল কাজলে।

    কাজল আগৰৱালাই ব্যৱসায়ী গৌতম কিচলুৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ২০২২ চনৰ ১৯ ​​মে’ত তেওঁলোকৰ এটি পুত্ৰসন্তান জন্ম হয়। সেয়েহে, তেওঁ আজিকালি নিজৰ অভিভাৱকত্বৰ কৰ্তব্য পালনত অধিক মনোনিৱেশ কৰিছে।

    অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ অভিনয় কৰা  কমল হাছানৰ ইণ্ডিয়ান ২ আৰু নন্দমুৰি বালকৃষ্ণৰ পৰিচালিত 'ভগৱন্ত কেছাৰী’ ছবিৰ শ্বুটিং সম্পূৰ্ণ হ’ব হৈছে।