ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম চৰ্চিত অভিনেত্ৰী কংগনা ৰানাৱট। এইবাৰ ধনকুবেৰ ইলন মাস্কক প্ৰেমৰ পৰামৰ্শ দিলে বলিউডৰ কুইনে! প্ৰসংগক্ৰমে হৃতিক ৰোশনৰ স’তে থকা তেওঁৰ প্ৰেমৰ কথাও ক'লে!
শেহতীয়াকৈ ইলনে নিজৰ প্ৰেমৰ বিষয়ে টুইট কৰি লিখিছে- ''প্ৰেমত আঘাত পোৱাটো এনে এক অনুভৱ যেতিয়া আপুনি জানে যে তেওঁলোকে ধনৰ বাবে প্ৰেমৰ অভিনয় কৰিছে। আৰু বাৰে বাৰে আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আছে।’’
এলন মাস্কৰ এই প্ৰেমৰ বাণী শুনি কংগনাই নিজকে ধৰি ৰাখিব নোৱাৰিলে। বিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে এলনৰ টুইটটোত কয়- “মোৰ দৰে নাটকীয় জীৱন আন কাৰোৰে নাই বুলি মই ভাবো। ইণ্ডাষ্ট্ৰীৰ সকলো মাফিয়াই মোক প্ৰেম কৰাৰ বাবে প্ৰায় জেলত ভৰাই থৈছিল।''
অভিনেত্ৰীগৰাকীৰ এই টুইটটো দেখি বহুতে চৰ্চা কৰি আছে। প্ৰায় সকলোৱে ভাবিছে যে এই টুইটৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে প্ৰকৃততে হৃতিকৰ প্ৰতি থকা প্ৰেমৰ কথা কৈছে! ‘কৃষ-২’ ছবিৰ সময়ৰ পৰাই দুয়ো প্ৰেমত পৰিছিল। তেওঁলোকৰ সম্পৰ্কক লৈ চৰ্চাৰ সৃষ্টি হৈছিল। পৰিস্থিতি এনেকুৱা যে হৃতিক আদালতৰ কাষ চাপিব লগা হয়।
সেই সকলোবোৰ এতিয়া অতীতৰ কথা। বৰ্তমান ছাবা আজাদৰ সৈতে জীৱনৰ বাকী সময় কটাবলৈ পৰিকল্পনা কৰিছে অভিনেতাগৰাকীয়ে। আনহাতে, সেই ঘটনাৰ পিছৰে পৰা কংগনাই নিজকে ‘চিংগল’ বুলি অভিহিত কৰিছে।
Leave A Comment