comScore
  • বিমান বন্দৰত কৰণ জোহৰৰ বিপৰ্যয়! প্ৰৱেশত বাধা দিয়া হ’ল বলিউডৰ জনপ্ৰিয় পৰিচালকগৰাকীক! কিন্তু কিয়, কি কৰিলে তেওঁ?

    মনোৰঞ্জন
    বিমান বন্দৰত কৰণ জোহৰৰ বিপৰ্যয়! প্ৰৱেশত বাধা দিয়া হ’ল বলিউডৰ জনপ্ৰিয় পৰিচালকগৰাকীক! কিন্তু কিয়, কি কৰিলে তেওঁ?
    ডিজিটেল ডেস্কঃ তেওঁ বলীউডৰ এজন আগশাৰীৰ প্ৰযোজক-পৰিচালক। ব্যস্ততাৰ বাবে সপ্তাহটোৰ বেছিভাগ সময় বিমান যাত্ৰাতে কটায়। তেওঁ হৈছে কৰণ জোহৰ। কিন্তু জোহৰক শেহতীয়াকৈ এটা বিমানবন্দৰত প্ৰৱেশ কৰাত বাধা দিয়া হ’ল! মুম্বাই বিমানবন্দৰত সংঘটিত হৈছে এই ঘটনা। কিন্তু কি কৰিলে কৰণে?

    মঙলবাৰে মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দেখা গ’ল কৰ্ণক। প্ৰযোজকগৰাকীৰ ‘এয়াৰপ’ৰ্ট লুক’, বেগ, ড্ৰেছৰ চৰ্চা সকলো সময়তে কৰা হয়। এই দিনটোও বেলেগ নাছিল। ক’লা জগাৰ আৰু টি-চাৰ্ট পৰিহিত কৰণে এটা বগা জেকেট পিন্ধি আছিল। চকুত পিন্ধা অভাৰচাইজ ক’লা চন্দ্ৰ চশমাটোৱে গোটেই লুকটো আৰু উন্নত কৰি তুলিছিল। এটা স্লিং বেগো লগত ৰাখিছিল কৰণে।

    লগে লগে ফটোগ্ৰাফাৰসকলৰ চকু পৰিল প্ৰযোজকজনৰ ওপৰত। হাঁহি হাঁহি কেমেৰাৰ সন্মুখত পোজ দিলে। কিন্তু তাৰ পিছত বিমানবন্দৰৰ বিশেষ প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰাৰ সময়ত এটা সমস্যাৰ সৃষ্টি হয়। নিৰাপত্তাৰক্ষীয়ে কৰণক ৰখাই দিলে।

    আচলতে কৰণে নিজৰ অফিচিয়েল পৰিচয় পত্ৰ আৰু বিমান টিকট নেদেখুৱায়েই আগবাঢ়ি গৈছিল। ফলত নিৰাপত্তাৰক্ষীয়ে পুনৰ প্ৰযোজকগৰাকীক ফোন কৰি প্ৰয়োজনীয় নথি-পত্ৰ চাব বিচাৰে। অৱশেষত কাগজ-পত্ৰ দেখুৱাই কৰ্ণক বিমানবন্দৰত প্ৰৱেশ কৰিবলৈ দিয়া হ’ল।

    শেহতীয়াকৈ কৰণে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ৰ শ্বুটিং সম্পূৰ্ণ কৰিছে। এই ছবিখনৰ প্ৰায় ৭ বছৰৰ পাছত পুনৰ পৰিচালকৰ চকীত বহিছে কৰণ। জুলাই মাহত মুক্তি পাব ৰণবীৰ সিং আৰু আলিয়া ভাট অভিনীত এই ছবিখন।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388