National
Digital Desk: The Maha Kumbh Mela, 2025 at Prayagraj, has been attended by millions of devotees from all around the globe who seek to attain the path of Moksha or emancipation. The Mela is an integral part of
ডিজিটেল ডেস্কঃ নিজৰ ধেমেলীয়া উত্তৰৰ
দ্বাৰা প্ৰায়ে শিৰোনামত থাকে ভাৰতীয় কৌতুকশিল্পী কপিল শৰ্মা৷ ঠিক তেনে পুনৰ এটা হাস্যমধুৰ
মন্তব্যৰ বাবে পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে কপিল শৰ্মাই৷বলীউডৰ মোহময়ী অভিনেত্ৰী কৰীনা
কাপুৰ খানে তেওঁৰ প’ডকাষ্ট - "হোৱাট ৱ’মেন ৱাণ্ট"ৰ জৰিয়তে কপিলৰ সাক্ষাৎকাৰ
লৈ ইণ্টাৰনেটৰ জগতত ঢৌ তুলিছে।কৰীনা কাপুৰে নিজৰ প’ডকাষ্টত ৰণবীৰ কাপুৰক আতিথ্য দিয়াৰ
পিছত কপিল শৰ্মাৰ সৈতে সাক্ষাৎ হোৱা দেখা গৈছিল। শুকুৰবাৰে মুক্তি পাবলগীয়া কপিলৰ আগন্তুক
ছবি "জুইগাটো"ৰ প্ৰমোচনৰ বাবে কপিল কৰীনাৰ প’ডকাষ্টত
উপস্থিত হৈছিল।
কৰীনাৰ সৈতে হোৱা এক মত বিনিময়ত
কপিলে বাস্তৱ জীৱনত তেওঁৰ ব্যক্তিত্বৰ বিষয়ে কয় আৰু টুইটাৰে কপিলৰ জীৱনত কেনেদৰে
উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু কপিলৰ পত্নী গিনী চত্ৰথৰ বিষয়ে কয়। কৰীনাই টুইটাৰত কপিলৰ বিতৰ্কৰ বিষয়টোকো
আলোচনা কৰে৷ কমেডিয়ান কপিল শৰ্মাই পূৰ্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গভীৰ নিশা
কৰা এটা টুইটৰ বিষয়ে কয় যিটো কপিলে মদ্যপান কৰি থকাৰ সময়ত কৰা হৈছিল।
কৰীনাক কয় যে "মই ব্যক্তিগতভাৱে
কেতিয়াও টুইটাৰ চিহ্নৰ চৰাইটোক লগ পোৱা নাই কিন্তু ই মোৰ জীৱনটোক গোলমাল কৰি পেলালে"।
কৰীনাই এই প’ডকাষ্টতে
কপিল বাস্তৱ জীৱনত ৰোমান্টিক নেকি সেই প্ৰশ্নৰ উত্থাপন কৰে৷তেতিয়া কপিলে নিজৰ বুদ্ধিদীপ্ত
ধেমালিৰে উত্তৰ দিয়ে যে,"মই মোৰ ল’ৰা-ছোৱালী দুটা ডাউনলোড কৰা নাই৷"
কপিলৰ এই উত্তৰৰ দ্বাৰা ইণ্টাৰনেট
জগতত কপিল শৰ্মাৰ অনুৰাগীসকলে হাঁহিৰ খোৰাক লাভ কৰিছে৷উল্লেখযোগ্য যে,কপিলৰ শেহতীয়াকৈ
মুক্তি পাবলগীয়া চলচ্চিত্ৰ "জুইগাটো"ত ডেলিভাৰী প্ৰদান কৰা লোকসকলৰ দুৰ্বিষহ
জীৱনৰ ৰং,দুখ,হাঁহি আৰু ধেমালিসমূহ প্ৰকাশ কৰা হৈছে৷বলীউডত নায়কৰ চৰিত্ৰ ৰূপায়ন কৰা
কপিলৰ "জুইগাটো" তৃতীয়খন চলচ্চিত্ৰ৷
Leave A Comment