comScore
  • সীতা ভাৰতৰ নে নেপালৰ? দেশৰ সীমা অতিক্ৰম কৰিলে 'আদিপুৰুষ’ বিতৰ্কই! এইবাৰ ছৱিখনক নেপালত নিষিদ্ধ কৰাৰ দাবী

    মনোৰঞ্জন
    সীতা ভাৰতৰ নে নেপালৰ? দেশৰ সীমা অতিক্ৰম কৰিলে 'আদিপুৰুষ’ বিতৰ্কই! এইবাৰ ছৱিখনক নেপালত নিষিদ্ধ কৰাৰ দাবী
    ডিজিটেল ডেস্কঃ এইবাৰ নেপালত বিতৰ্কৰ সৃষ্টি কৰিছে 'আদিপুৰুষ’-এ। কাঠমাণ্ডু মহানগৰীৰ মেয়ৰ বলেন্দ্ৰ শ্বাহে সেই দেশৰ ৰাজধানীত এই ছবিখন নিষিদ্ধ কৰিবলৈ দাবী জনাইছে। বিৰোধিতাৰ বাবে মুক্তিৰ দিনা মৰ্নিং শ্ব’ বাতিল কৰা হয়।

    আপত্তিৰ কেন্দ্ৰবিন্দু হৈছে ছবিখনৰ এটা সংলাপ। জানকীৰ ৰূপত কৃতি ছাননৰ মুখত এটা সংলাপ আছে- “মই জানকী যি ভাৰতৰ কন্যা”। কাঠমাণ্ডুৰ মেয়ৰ বলেন্দ্ৰ শ্বাহে ছবিখনৰ পৰা সংলাপটো সলনি কৰিবলৈ দাবী জনায়। অন্যথা হিন্দী ছবিখন নেপালত দেখুৱাবলৈ দিয়া নহ’ব।

    কাঠমাণ্ডু মহানগৰীৰ মেয়ৰে তিনিদিনৰ সময় দিছে। সেই তিনিদিনৰ ভিতৰতে সংলাপটো সলনি কৰিব লাগিব বুলি দাবী কৰিছে।

    উল্লেখ্য যে নেপালৰ জনসাধাৰণৰ মতে মহাকাব্য ৰামায়ণ অনুসৰি সীতাৰ জন্ম নেপালৰ জনকপুৰত। ৰামচন্দ্ৰ তালৈ গৈছিল সীতাক বিবাহ কৰাবলৈ। এই ঘটনাৰ পিছত এতিয়া নেপালত আদিপুৰুষ ছবিখনৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে।