comScore
  • পুনৰ বিয়া পাতিব বিচাৰে কিম কাৰ্দাছিয়ানেঃ বিচাৰে আছে নতুন পাত্ৰ, ইতিপূৰ্বে চাৰিবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল মডেলগৰাকী

    মনোৰঞ্জন
    পুনৰ বিয়া পাতিব বিচাৰে কিম কাৰ্দাছিয়ানেঃ বিচাৰে আছে নতুন পাত্ৰ, ইতিপূৰ্বে চাৰিবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল মডেলগৰাকী
    ডিজিটেল ডেস্কঃ বহুদিন অকলে আছিল। এইবাৰ প্ৰেমিক নহ'লে নোহোৱা হৈছে তেওঁৰ। গতিকে কিম কাৰ্দাছিয়ানে পুনৰ ‘ডেটিং’ কৰিবলৈ সাজু হৈছে।

    যোৱা বছৰৰ আগষ্ট মাহত প্ৰাক্তন প্ৰেমিক তথা কমেডিয়ান পিট ডেভিডছনৰ সৈতে ব্ৰেকআপ কৰিছিল। ৯ মাহ ধৰি পিটৰ সৈতে সম্পৰ্কত আছিল অভিনেত্ৰীগৰাকী। চাৰিটা সন্তানৰ মাতৃও হৈছে কিম।

    এইবাৰ নতুন প্ৰেমিকৰ সন্ধানত আছে কিম। কিন্তু সাৱধানতাৰে এই সন্ধান আৰম্ভ কৰিছে তেওঁ। কেনেকুৱা পুৰুষক তেওঁ ভাল পায়? কিমে উদ্যোগটোত নথকা কোনোবা এজনৰ লগত ডেটিং কৰাৰ সিদ্ধান্ত লৈছে।

    ইয়াৰ পূৰ্বে কিমে তিনিবাৰকৈ বিবাহপাশত আবদ্ধ হৈছিল। ৰেপাৰ কেনি ৱেষ্টৰ সৈতে তেওঁৰ বিবাহ হৈছিল। চাৰিটা সন্তানৰ মাতৃ হৈছিল।

    শেহতীয়াকৈ তেওঁ কয় যে তেওঁ পুনৰ বিয়া হ’ব বিচাৰে। সন্তান জন্ম দিয়াৰো ইচ্ছা তেওঁৰ। কিমে লগতে কয়, ''চতুৰ্থখন বিবাহ মোৰ বাবে ভাল হ’ব। কিন্তু তৃতীয় বিয়াখনেই আছিল মোৰ প্ৰথম প্ৰকৃত বিবাহ। তাৰ আগৰ দুখন বিয়া কেনেকৈ হৈছিল মই বুজিব পৰা নাছিলো।"

    ২০০২ চনত সংগীত প্ৰযোজক ডেমন থমাছৰ সৈতে তেওঁৰ বিবাহ হয়। ২০০৪ চনলৈকে তেওঁ সেই সম্পৰ্কত আছিল। পিছৰ বিয়াখন মাত্ৰ কেইদিনমানহে চলিল। কিমে সোনকালে পুনৰ বিয়া হ’ব বিচাৰে।