ডিজিটেল ডেস্কঃ শাৰীৰিক ৰোগ আৰু অন্যান্য ব্যক্তিগত সমস্যাই জুৰুলা কৰাৰ পাছত পুনৰ ঘূৰি আহিছে আমেৰিকাৰ গায়িকা মাইলী চাইৰাছ। যোৱা মাৰ্চ মাহত দীৰ্ঘদিনীয়া বিৰতিৰ পিছত পুনৰ সংগীতৰ ক্ষেত্ৰখনলৈ ঘূৰি আহিছিল জনপ্ৰিয় পপষ্টাৰগৰাকী। অষ্টমটো এলবাম ‘এণ্ডলেছ ছামাৰ ভেকেচন’ অনুৰাগীক প্ৰদান কৰিছে তেওঁ। কিন্তু দুমাহৰ পাছতে অনুৰাগীক হতাশ কৰিছে মাইলীয়ে।
বিশ্বজুৰি তেওঁৰ অনুৰাগীসকলে তেওঁক সংগীতৰ মঞ্চত চাবলৈ আগ্ৰহী হৈ থকাৰ সময়তে মাইলীয়ে কয় যে তেওঁ আৰু অনুৰাগীৰ অনুৰোধ পূৰণ কৰিব নোৱাৰে। মঞ্চত সংগীত পৰিবেশন কৰিব পৰাকৈ তেওঁ শাৰীৰিক চাপ ল’ব নোৱাৰে। তদুপৰি হেঁপাহো কমিছে।
৩০ বছৰীয়া পপষ্টাৰগৰাকীয়ে এক সাক্ষাৎকাৰত কয়, ‘মই দীৰ্ঘদিন ধৰি বিষত ভুগি আছো। মঞ্চত গান গাবলৈ আৰু ঘূৰি নুফৰো।" তেওঁৰ স্পষ্ট কথা, "মই নিজৰ কথা পাহৰি কেৱল আনৰ সুখৰ বাবে, আনৰ সাফল্যৰ বাবে জীয়াই থকা উচিত নেকি?"
ডাঙৰ কনচাৰ্টৰ অব্যৱস্থাক লৈও ক্ষোভ প্ৰকাশ কৰে মাইলীয়ে। তেওঁ কয়- “আতিথ্য নাই, কোনো নিৰাপত্তা নাই। এইবোৰ কথা মোৰ বাবে স্বাভাৱিক যেন নালাগে। সন্মুখত এক লাখ মানুহ থাকিলেও অকলশৰীয়া অনুভৱ হয়!”
তেওঁ কয়- ''যদি কোনো ৰেকৰ্ডিং বা শ্বুটিং নাথাকে তেন্তে তেওঁ এতিয়াৰ বাবে শান্তিপূৰ্ণ জীৱন যাপন কৰিব বিচাৰে। এইটো নহয় যে মই নিজকে বেছি গুৰুত্ব দিছো। মই ক’ব পাৰো, মোৰ বিকাশ হৈছে।’’
Leave A Comment