comScore
  • কোনো অপৰাধ নকৰাকৈয়ে এতিয়া “জেলৰ ভাত” খাব পাৰিব আপুনিও ঝাৰখণ্ডত আৰম্ভ হ’ল জেলৰ আৰ্হিত ৰেষ্টুৰেণ্ট

    মনোৰঞ্জন
    কোনো অপৰাধ নকৰাকৈয়ে এতিয়া “জেলৰ ভাত” খাব পাৰিব আপুনিও  ঝাৰখণ্ডত আৰম্ভ হ’ল জেলৰ আৰ্হিত ৰেষ্টুৰেণ্ট
    ডিজিটেল ডেস্ক

    কাৰাগাৰত বহি পাৰ্থ-অনুব্ৰত অথবা  অৰ্পিতাই কি খাই আছে তাক লৈ সকলো উৎসাহিত। কিন্তু ভাবকচোন আপুনিও যদি জেলত বহি   বিৰিয়ানী খোৱাৰ সুযোগ পায়?এতিয়া  কোনো অপৰাধ নকৰাকৈয়ে এতিয়া “জেলৰ ভাত” খোৱাৰ সুযোগ লাভ কৰিব পাৰে আপুনি৷  

    ঝাৰখণ্ডৰ জামছেদপুৰত  কাৰাগাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এখন বিশেষ ৰেষ্টুৰেণ্ট৷ বৰ্তমান এই  ৰেষ্টুৰেণ্টখন সকলোতে  চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ ৰেষ্টুৰেণ্টখনক লৈ বিশেষ আগ্ৰহী হৈ পৰিছে ইন্টাৰনেট ব্যৱহাৰকাৰী সকল। ৰেষ্টুৰেণ্টখনে দাবী কৰিছে যে কাৰাগাৰত ভোজন কৰাৰ  অনুভৱ হয় সেইয়া এই  ৰেষ্টুৰেণ্টখনে প্ৰদান কৰিব।ৰেষ্টুৰেণ্টখনৰ ৱেইটাৰসকলেও  সম্পূৰ্ণৰূপে বন্দীৰ দৰে পোছাক পৰিধান কৰে। ৰেষ্টুৰেণ্টখনত আপুনি জেলৰ দৰে কম ঠাইতে খাদ্য গ্ৰহণ কৰিব লাগিব। 


    ৰেষ্টুৰেণ্টখনৰ ছবিবোৰে ইন্টাৰনেটত যথেষ্ট গুৰুত্ব লাভ কৰাৰ সময়তে  কিছু বিতৰ্কৰো সৃষ্টি হৈছে৷  বিভিন্নজনে ভিন্ন মতামত দিছে ৰেষ্টুৰেণ্টখনক লৈ। কিছুমানৰ মতে ইয়াত খাদ্যগ্ৰহণৰ অভিজ্ঞতা ৰোমাঞ্চকৰ হ’ব৷ কিন্তু  আন এক পক্ষৰ মতে   এনে ধৰণৰ  বিষয়বস্তুবোৰ সঠিক নহয়। এগৰাকী ব্যক্তিয়ে ৰেষ্টুৰেণ্টখনৰ বিষয়ে  লিখিছিল যে ,"যদি মই ইয়াত এখন টেবুল বুক কৰিব বিচাৰো তেন্তে মই অপৰাধ কৰিব লাগিব নেকি?”
    আন এজনে লিখিছিল, "পৰৱৰ্তী বিষয়বস্তু কি?  চিকিৎসালয়ৰ দৰে ৰেষ্টুৰেণ্ট থাকিব নেকি?”

    অৱশ্যে,আন  বহুলোকৰ  মতে  এই বিষয়বস্তুত নতুনত্ব একো নাই। দিল্লী আৰু কলকাতাৰ দৰে ডাঙৰ চহৰত ইতিমধ্যে এনে ৰেষ্টুৰেণ্ট স্থাপন কৰা হৈছে। 

    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388