ডিজিটেল ডেস্কজনপ্ৰিয় অভিনেতা আমিৰ খানৰ সদ্য মুক্তিপ্ৰাপ্ত ছবি লাল সিং চড্ডাক কেন্দ্ৰ কৰি বিতৰ্কৰ অন্ত পৰা নাই৷ সমান্তৰালভাৱে তীব্ৰ সমালোচনাৰো সন্মুখীন হ’ব লগীয়া হৈছে ছবিখন। টুইটাৰতো চলিছে “বয়কট লাল সিং চড্ডা” ট্ৰেণ্ড। এই বিতৰ্ক -প্ৰতিবাদে প্ৰভাৱ পেলাইছে ছবিখনৰ ব্যৱসায়িক ক্ষেত্ৰতো। আমিৰ খান অভিনীত আন ছবিসমূহ ব্যৱসায়িকভাৱে সফল হোৱাৰ বিপৰীতে এই ছবিখন বিফল হোৱা দেখা গৈছে৷ কিন্তু ইয়াৰ মাজতে অস্কাৰৰ অফিচিয়েল পেজে সমৰ্থন আগবঢ়ালে লাল সিং চড্ডালৈ৷
ইয়াৰোপৰি চ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে লাল সিং চড্ডাৰ ক্লিপ৷উল্লেখযোগ্য যে লাল সিং চড্ডা অস্কাৰ বিজয়ী চিনেমা ফৰেষ্ট গাম্পৰ আধাৰত নিৰ্মাণ কৰা হৈছিল৷ দুয়োখন চিনেমাৰে সাদৃশ্য থকা দৃশ্যাংশ সমূহো প্ৰচাৰ কৰিছে অস্কাৰৰ অফিচিয়েল পেজে৷ লগতে ফৰেষ্ট গাম্পৰ ভাৰতীয় সংস্কৰণক প্ৰশংসাও কৰিলে অস্কাৰৰ অফিচিয়েল পেজে৷
উল্লেখ্য যে, ফৰেষ্ট গাম্প ছবিখন ১৯৮৬ চনত প্ৰকাশিত ফৰেষ্ট গাম্প উপন্যাসৰ ভিত্তিত নিৰ্মাণ কৰা হৈছিল। ছবিখনে বহু কেইটা সন্মানীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ লগতে বক্স অফিচত ৬৭৮.২ মিলিয়ন টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল৷
Leave A Comment