ডিজিটেল ডেস্কঃ 'চকু টিপ’ মাৰি ভাইৰেল হৈ পৰা প্ৰিয়া প্ৰকাশ ভেৰিয়াৰক মনত আছেনে? ওমৰ লুলুৰ পৰিচালনাত নিৰ্মিত ‘অৰু আদাৰ লাভ’ ছবিখনৰ এই দৃশ্য মুহূৰ্ততে সামাজিক মাধ্যমত বিয়পি পৰিছিল।
শেহতীয়াকৈ এটা সাক্ষাৎকাৰত সেই বিশেষ দৃশ্যটোৰ বিষয়ে আলোচনা হৈছিল। সেই দৃশ্যটোৰ বিষয়ে প্ৰিয়াক সোধাত অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছিল যে এই সকলোবোৰ তেওঁৰ কৃতিত্ব। তেওঁৰ কথা শুনি ক্ষুব্ধ হৈ পৰে পৰিচালক ওমৰ। তেওঁ প্ৰিয়াক স্মৃতিশক্তি ঘূৰাই আনিবলৈ দৰৱ খাবলৈ ক’লে।
ওমৰে কয়, ‘আচলতে পাঁচ বছৰ হৈ গ’লতো, মোৰ বাচ্চাৰ স্মৃতিভ্ৰংশ হৈছে। প্ৰিয়াই ভাল্ল্যাচন্দনাদি দৰৱ খোৱাৰ প্ৰয়োজন।”
উল্লেখ্য যে স্মৃতিশক্তি ঘূৰাই অনাৰ বাবে চিকিৎসকে প্ৰেছক্ৰিপচন কৰা এবিধ আয়ুৰ্বেদিক দৰৱ হৈছে ভাল্ল্যাচন্দনাদি।
ওমৰে দাবী কৰিছে যে এই দৃশ্যটোৰ গোটেই ধাৰণাটো তেওঁৰ মনৰ পৰা আহিছিল। পাঁচ বছৰ পূৰ্বে দিয়া এক সাক্ষাৎকাৰতো পৰিচালকগৰাকীয়ে এই কথা কৈছিল। প্ৰিয়াৰো সেই সময়ত একেই বক্তব্য আছিল। তেওঁ কৈছিল যে ‘’পৰিচালকেই মোক তেনেকৈ চকুৰে ইংগিত দিবলৈ কৈছিল।‘’ ইমান দিনৰ মূৰত অভিনেত্ৰীগৰাকীৰ নতুন বক্তব্য শুনি বিচলিত হৈ পৰে পৰিচালক ওমৰ।
Leave A Comment