comScore
  • ১৬ বছৰ বয়সত প্ৰিয়ংকাক চাবলৈ জুম বান্ধিছিল ল’ৰা! আতংকিত হৈ দেউতাকে ঘৰৰ খিৰিকীত গ্ৰীল লগাবলগা হৈছিল

    মনোৰঞ্জন
    ১৬ বছৰ বয়সত প্ৰিয়ংকাক চাবলৈ জুম বান্ধিছিল ল’ৰা! আতংকিত হৈ দেউতাকে ঘৰৰ খিৰিকীত গ্ৰীল লগাবলগা হৈছিল
    ডিজিটেল ডেস্কঃ জীৱনৰ এক অকথিত কাহিনী ব্যক্ত কৰিলে প্ৰিয়ংকা চোপ্ৰাই। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে কয় যে ১৬ বছৰ বয়সত তেওঁৰ দৰ্শন পাবলৈ ল’ৰাবোৰে হেতা-উপৰা লগাইছিল। এইবাবেই শংকিত হৈ পৰিছিল প্ৰিয়ংকাৰ দেউতাক।

    উল্লেখ্য যে প্ৰিয়ংকাই পঢ়া-শুনাৰ বাবে জামছেদপুৰৰ ঘৰৰ পৰা আমেৰিকালৈ ৰাওনা হৈছিল। কিন্তু যেতিয়া ১৬ বছৰ বয়সত আমেৰিকাৰ পৰা ঘৰলৈ উভতি আহিছিল, তেতিয়া ল’ৰাবোৰে প্ৰিয়ংকাক চাবলৈ নানা প্ৰচেষ্টা চলাইছিল। যাৰবাবে পিতৃ অশোক চোপ্ৰাই আনকি তেওঁলোকৰ ঘৰৰ খিৰিকীত গ্ৰীল লগাব লগা হৈছিল।

    হাৱাৰ্ড ষ্টাৰ্ম শ্ব’ৰ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে এবাৰ তেওঁলোকৰ ঘৰৰ বেলকনিত উঠি এজন ল’ৰা পৰি গৈছিল। তেতিয়াৰ পৰাই তেওঁৰ পিতৃ আতংকিত হৈ পৰে। এই ঘটনাৰ পিছত দেউতাকে তেওঁক ভাৰতীয় পোছাক পিন্ধিবলৈ কয়। তেতিয়া তেওঁ বাধ্য হৈ জিন্সৰ সৈতে দেউতাকৰ টি-চাৰ্ট পিন্ধিবলৈ লয়।

    অভিনেত্ৰীগৰাকীয়ে কয়, ''মাত্ৰ ১২ বছৰ বয়সতে দেউতাই মোক আমেৰিকাত পঢ়িবলৈ পঠিয়াইছিল। মই তাত গৈয়েই চুটি সাজ-পোছাক পিন্ধা কৰিছিলো। তাৰ পিছত ১৬ বছৰ বয়সত আমেৰিকান হৰম’ন, খাদ্যাভ্যাস আদি লৈ ঘৰলৈ উভতি আহোঁতে মই এগৰাকী ভৰুণ যুৱতী হৈছিলোঁ, ভবাতকৈ বহুত ডাঙৰ হৈছিলোঁ।”

    তেওঁ কয়- ''আমাৰ সৰু চহৰখনলৈ উভতি আহোঁতে কেইবাজনো ল’ৰাই ৰাস্তাত ওলালেই মোৰ পিছে পিছে মোক অনুসৰণ কৰিছিল। এজনেতো নিশা একেবাৰে বেলকনিত উঠি পৰি গৈছিল। দেউতাই ইমান ভয় খাইছিল যে বাধ্য হৈ খিৰিকীবোৰত গ্ৰীল লগাইছিল। তেওঁ মোক কৈছিল জিন্স নহয়, ভাৰতীয় কাপোৰ চুৰিদাৰ পিন্ধা। মই য’তেই নাযাওঁ, মোৰ লগত ড্ৰাইভাৰ এজন লগত গৈছিল। তাৰপিছতে মই মোৰ কেৰিয়াৰত প্ৰৱেশ কৰিলোঁ। দেউতাৰ বাবে মোৰ বৰ বেয়া লাগে।’’

    উল্লেখ্য যে প্ৰিয়ংকাৰ ভায়েকৰ নাম সিদ্ধাৰ্থ চোপ্ৰা। ২০১৩ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ অভিনেত্ৰীগৰাকীৰ পিতৃৰ মৃত্যু হয়। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে নিক জ’নাছৰ সৈতে বিবাহিত আৰু তেওঁ আৰু তেওঁলোকৰ সন্তানৰ সৈতে আমেৰিকাত থাকে।