ডিজিটেল ডেস্কঃ প্ৰিয়ংকা চোপ্ৰা জোনাছে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় তাৰকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। হলিউডত কাম কৰি আছে তেওঁ। প্ৰিয়ংকাই ‘কুৱাণ্টিকো’, ‘বেৱাচ’, ‘দ্য মেট্ৰিক্স ৰিজাৰেকচনছ’ আদি ছবিত কাম কৰিছিল। দেশী গাৰ্লে এইবাৰ মাৰ্ভেল খ্যাতিৰ ৰুছ’ ব্রাদাৰ্ছৰ সৈতে কাম কৰিছে। কল্পবিজ্ঞান আৰু চোৰাংচোৱা থ্ৰিলাৰৰ মিশ্ৰণ এই ধাৰাবাহিকখনৰ নাম ‘চিটাডেল’।
এই বহুভাষিক ধাৰাবাহিকখনত প্ৰিয়ংকা চোপ্ৰা জোনাছক মুখ্য চৰিত্ৰত দেখা যাব। এই ধাৰাবাহিকখন অহা এপ্ৰিল মাহত OTT প্লেটফৰ্মত মুক্তি পাব। ‘চিটাডেল’ৰ জৰিয়তে প্ৰিয়ংকাই হলিউডৰ শীৰ্ষ তাৰকাৰ তালিকাত স্থান লাভ কৰিছে। কিন্তু এই টেবুলত স্থান পাবলৈ হ’লে অত্যন্ত পৰিশ্ৰম কৰিব লগা হ’ল বুলি প্ৰিয়ংকা চোপ্ৰা জোনাছে ক’লে।
প্ৰিয়ংকাই এটা অনুষ্ঠানত প্ৰকাশ কৰে যে তেওঁ প্ৰথম হলিউডলৈ অহাৰ সময়ত বৈষম্যৰ সন্মুখীন হৈছিল। হলিউডত ভৰি দিয়াৰ আগতে প্ৰিয়ংকা সমগ্ৰ বিশ্বতে ভাৰতীয় অভিনেত্ৰী হিচাপে পৰিচিত আছিল। ভাৰতীয় অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ কেৱল এটা বিশেষ অঞ্চলৰ দৰ্শকৰ বাবেহে গ্ৰহণযোগ্য। হলিউডলৈ আহি তেওঁ আৰম্ভণিতে এই ভাৱনাৰ বলি হ’বলগীয়া হৈছিল।
কিন্তু এয়া কেনেকৈ সলনি হ’ল? প্ৰিয়ংকাই কয় যে তেওঁ কঠোৰ পৰিশ্ৰম কৰি একাধিক অডিচন কৰি প্ৰযোজক আৰু পৰিচালকৰ আস্থা অৰ্জন কৰিছে। প্ৰিয়ংকাই লগতে কয়, ''ষ্ট্ৰীমিঙে এই আঞ্চলিক ধাৰণাটো সলনি কৰাত বহুখিনি সহায় কৰিছে। ষ্ট্ৰীমিংৰ আবিৰ্ভাৱৰ পিছত উদ্যোগটোৰ বিশ্বায়ন অতি প্ৰয়োজনীয় হৈ পৰিছিল। 'এগৰাকী ভাৰতীয় অভিনেত্ৰী হিচাপে মোৰ দক্ষতা সীমিত'- ষ্ট্ৰীমিংৰ আগমনৰ পিছত এই ভাৱনা সলনি হৈছে।''
Leave A Comment