comScore
  • এতিয়াও দীপিকাই ভাল পায় নেকি ৰণবীৰ কাপুৰক? দীপিকাৰ শেহতীয়া এটা ইনষ্টাগ্ৰাম ষ্ট’ৰীক লৈ অনুৰাগীৰ মাজত চাঞ্চল্য

    মনোৰঞ্জন
    এতিয়াও দীপিকাই ভাল পায় নেকি ৰণবীৰ কাপুৰক? দীপিকাৰ শেহতীয়া এটা ইনষ্টাগ্ৰাম ষ্ট’ৰীক লৈ অনুৰাগীৰ মাজত চাঞ্চল্য
    ডিজিটেল ডেস্কঃ প্ৰায় পাঁচ বছৰ পাৰ হৈ গ’ল। উত্থান-পতনৰ মাজেৰে পাৰ হৈ গৈছে ৰণবীৰ-দীপিকাৰ বিবাহ। কিন্তু এতিয়াও দীপিকাৰ হৃদয়ত আন কোনোবাইহে বাস কৰে নেকি?

    শেহতীয়াকৈ দীপিকাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ৰণবীৰ কাপুৰ আৰু নিজৰ এখন ছবি শ্বেয়াৰ কৰি লিখিছে, ‘মোৰ হৃদয়ৰ এটুকুৰা!’ যদিও ছবিখন দীপিকা আৰু ৰণবীৰৰ চিনেমাৰ দৃশ্যৰ। দীপিকা আৰু ৰণবীৰে বলিউড পৰিচালক অয়ন মুখাৰ্জীৰ ছবি ‘য়েহ জৱানী হায় দীৱানী’ত অভিনয় কৰিছিল। শেহতীয়াকৈ ১০ বছৰ সম্পূৰ্ণ কৰিলে ছবিখনে।

    দীপিকাই ছ’চিয়েল মিডিয়াত ‘য়েহ জৱানী হায় দীৱানী’ ছবিখনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে, লগতে এটা ডিচক্ৰিপচন দিয়ে। তাৰপাছতে আৰম্ভ হৈছে অনুৰাগীৰ মাজত জল্পনা-কল্পনা। সঁচাকৈয়ে দীপিকাই এতিয়াও প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰক পাহৰিব পৰা নাই নেকি?



    অৱশ্যে দীপিকাই সেই কথা লিখিছিল ৰণবীৰৰ বাবে নহয়, নিজৰ ছবি য়েহ জৱানী হায় দীৱানীৰ বাবে। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টো দেখাৰ পিছত পিছত বুজা গৈছে যে ছবিখনৰ কথা মনত পেলাই তেওঁ এই কথা কৈছিল।

    উল্লেখ্য যে ৰনবীৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে দীপিকাই কেইবাবছৰ ধৰি ৰণবীৰ কাপুৰৰ সৈতে ৰোমান্টিক সম্পৰ্কত আছিল। ৰণবীৰ আৰু দীপিকাৰ প্ৰেমৰ খবৰ পোহৰলৈ আহিছিল ‘বচনা আয়ে হাচিনা’ৰ চিত্ৰগ্ৰহণৰ সময়ত। কিন্তু সেই প্ৰেম বেছি দিন নাথাকিল।

    ইয়াৰ পিছত ৰনবীৰৰ প্ৰেমত পৰে কেটৰিনা কাইফৰ। এতিয়া আলিয়া ভট্টৰ লগত ৰণবীৰৰ সুখী বিবাহ। অৱশ্যে প্ৰেমৰ সম্পৰ্ক স্থায়ী নহ’লেও ৰণবীৰ কাপুৰ আৰু দীপিকাৰ মাজত এতিয়াও বন্ধুত্ব সুদৃঢ়। বিচ্ছেদ হোৱাৰ পিছতো ৰণবীৰ আৰু দীপিকাই ‘য়েহ জৱানী হায় দীৱানী’, ‘তমাছা’ আদি ছবিত যুটি হিচাপে অভিনয় কৰিছিল।