comScore
  • আলিয়াৰ বাবে ভাল স্বামী হ’ব পৰা নাই ৰণবীৰ কাপুৰ! বিবাহবাৰ্ষিকীত এই আফচোঁচ কৰিলে অভিনেতাগৰাকীয়ে নিজে, কি ক’লে?

    মনোৰঞ্জন
    আলিয়াৰ বাবে ভাল স্বামী হ’ব পৰা নাই ৰণবীৰ কাপুৰ! বিবাহবাৰ্ষিকীত এই আফচোঁচ কৰিলে অভিনেতাগৰাকীয়ে নিজে, কি ক’লে?
    ডিজিটেল ডেস্কঃ ঠিক এবছৰৰ আগতে আজিৰ দিনটোতে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে ঘৰ সংৰাৰৰ আৰম্ভণি কৰিছিল। এই এবছৰত তেওঁলোকৰ জীৱনলৈ আহিছে এটি কন্যা সন্তান। তথাপিতো আক্ষেপ প্ৰকাশ কৰিছে ৰণবীৰে। কয় যে তেওঁ আলিয়াৰ বাবে ভাল স্বামী হ’ব পৰা নাই।

    বিবাহৰ পিছৰে পৰা ইখনৰ পিছত সিখনকৈ মুক্তি লাভ কৰিছে ৰণবীৰৰ ছবি। গতিকে চৰ্চাত আছে অভিনেতাগৰাকী। শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰণবীৰক সোধা হৈছিল, "আপুনি এজন ভাল স্বামী হ’ব পাৰিছেনে?’’

    ৰণবীৰে ক'লে, "আচলতে জীৱনত আপুনি সকলোতে যে এক নম্বৰ হ'ব, তেনেকুৱা নহয়। ভাল ল’ৰা বা ভাল স্বামী হ’ব পাৰিছো বুলি মই নাভাবো। কিন্তু এই বিষয়ত সজাগতা থকাটো প্ৰয়োজন। সেইটো থাকিলে বুজিব যে আপুনি সঠিক পথত আগবাঢ়িছে।’’

    বৃহস্পতিবাৰে মুম্বাই বিমানবন্দৰত ফটোগ্ৰাফাৰে বন্দী কৰে ৰণবীৰ কাপুৰক। কৰ্ডযুক্ত চেট পিন্ধা ৰণবীৰে মূৰত কেপ পিন্ধা দেখা গৈছিল।