comScore
  • শাৰী এৰিছে ৰাণীয়ে! দীৰ্ঘদিনৰ মূৰত আধুনিক পোছাকত ধৰা দিলে বলিউডৰ অভিনেত্ৰীগৰাকীয়ে, জুই লাগিছে সামাজিক মাধ্যমত, চাওক

    মনোৰঞ্জন
    শাৰী এৰিছে ৰাণীয়ে! দীৰ্ঘদিনৰ মূৰত আধুনিক পোছাকত ধৰা দিলে বলিউডৰ অভিনেত্ৰীগৰাকীয়ে, জুই লাগিছে সামাজিক মাধ্যমত, চাওক
    ডিজিটেল ডেস্কঃ ‘মিছ চেটাৰ্জী বনাম নৰৱে’ নামৰ ছৱিখনেৰে বলিউডত প্ৰত্যাৱৰ্তন ঘটাইছে ৰাণী মুখাৰ্জীয়ে। ‘মৰ্দানী ২’ৰ তিনি বছৰৰ পাছত এয়া ডাঙৰ পৰ্দাত ৰাণীৰ ‘কামবেক’। এতিয়া নায়িকাগৰাকী ব্যস্ত ছবিখনৰ প্ৰচাৰত।

    তেওঁৰ অনুৰাগীসকলে ৰাণীক পৰম্পৰাগত সাজ-পোছাকত দেখাতে অধিক অভ্যস্ত হৈ আহিছে। ৰেচমৰ শাৰী মানেই ৰাণী। আদিত্য চোপ্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ৰাণীক পশ্চিমীয়া সাজ-পোছাকত বেছি দেখা নাযায়। এইবাৰ ইয়াৰ ব্যতিক্ৰম ঘটিল।



    শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাণীয়ে আধুনিক সাজ-পোছাক পিন্ধি ধৰা দিছে। ৰাণীয়ে পিন্ধিছে ক্ৰীম ৰঙৰ চুট, ডাঠ ফ্ৰেমৰ চশমা, পনিটেইলত বান্ধি থোৱা চুলি! ৰাণীৰ অনুৰাগী সকল তেওঁৰ নতুন ৰূপক লৈ অতিশয় সুখী। ৰাণীৰ এই ছবিখন ‘য়শ ৰাজ ফিল্মছ’ৰ ছ’চিয়েল মিডিয়া পেজত শ্বেয়াৰ কৰা হৈছে।



    বিয়াৰ আগতে ৰাণীয়ে কাপোৰৰ ওপৰত কম বেছি পৰিমাণে পৰীক্ষা-নিৰীক্ষা কৰিছিল। কিন্তু বিয়াৰ পিছত দৰ্শকে ৰাণীক ক’তো দেখা নাপালে। বহু দিনৰ মূৰত কেমেৰাত ধৰা পৰিল এনেদৰে।



    কেৱল সাজেই নহয়, ৰাণীক বিয়াৰ পিছত যশ ৰাজ ফিল্মছৰ বাহিৰে আন কোনো ছবিত দেখা পোৱা নাছিল। কিন্তু শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত ৰাণীয়ে কয়, "আদিত্যই যদি আন নায়িকাৰ সৈতে কাম কৰিব পাৰে, তেন্তে মই কিয় আন কোনো প্ৰযোজকৰ সৈতে কাম কৰিব নোৱাৰো? " গতিকে এই মন্তব্যৰ জৰিয়তে ৰাণীয়ে আন প্ৰডাকচন কোম্পানীৰ সৈতে কাম কৰাৰ ইচ্ছআ ব্যক্ত কৰিছে নেকি? ইয়াক লৈ অনুৰাগীসকলে ইয়াক লৈ যথেষ্ট উৎসাহী।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388