ডিজিটেল ডেস্কঃ বুধবাৰে মৃত্যু হ’ল এগৰাকী স্বনামধন্য হলিউডৰ তাৰকা অভিনেত্ৰী। তেওঁ হৈছে- ৰাকেল ৱেলছ। স্বাস্থ্যজনিত কাৰণত হোৱা মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ।
অভিনেত্ৰীগৰাকীক হলিউডৰ আধুনিক সময়ৰ নায়িকা-আধাৰিত একচন চলচ্চিত্ৰকত ব্যাপকভাৱে অভিনয় কৰি প্ৰশংসা লাভ কৰিছিল।
ৰাকেলৰ জন্ম ১৯৪০ চনত হৈছিল। সৰুৰে পৰা অভিনয়ৰ প্ৰতি আগ্ৰহী ৰাকেলে কিশোৰী সৌন্দৰ্য প্ৰতিযোগিতাতো বিজয়ী হৈছিল ১৯৬০ৰ দশকত ৰাকেল এগৰাকী আন্তৰ্জাতিকভাৱে আবেদনময়ী মহিলাৰ প্ৰতীক হৈ পৰিছিল। তেওঁ ১৯৬৬ চনৰ 'ওৱান মিলিয়ন বিচি’ চলচ্চিত্ৰত বিকিনি পিন্ধা গুহাৰ নাৰীৰ চৰিত্ৰত অভিনয় কৰি চৰ্চালৈ আহিছিল।
ৱেলছে ১৯৭৪ চনত “থ্ৰী মাস্কেটিয়াৰ্ছ”ত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে গোল্ডেন গ্লোব বঁটা লাভ কৰিছিল। ১৯৮৭ চনত তেওঁক পুনৰ ‘ৰাইট টু ডাই’ত তেওঁৰ চৰিত্ৰৰ বাবে মনোনীত কৰা হৈছিল।
বাতৰি অনুসৰি, ৱেলছে ৭০ খনতকৈও অধিক চলচ্চিত্ৰ আৰু টিভি অনুষ্ঠানত অভিনয় কৰিছে। দৰাচলতে কল্পবিজ্ঞান ওপৰত আধাৰিত ‘ফেণ্টাষ্টিক ভয়েজ’ চলচ্চিত্ৰখনৰ মুক্তিৰ পিছত তেওঁৰ কেৰিয়াৰৰ উৰ্দ্ধমুখী যাত্ৰা আৰম্ভ হৈছিল।
Leave A Comment