ডিজিটেল ডেস্কঃ ছলমান খানৰ সোঁ হাতত এডাল ব্ৰেচলেট দেখা যায়। বগা ধাতুৰে নিৰ্মিত শিকলিডালৰ মাজত এটা উজ্জ্বল নীলা ফিৰোজা ৰঙৰ শিল থাকে। এই ব্ৰেচলেট ছলমানৰ ২৪ ঘণ্টীয়া সংগী।
ছলমানে ভাবে যে তেওঁৰ সোঁহাতৰ এই ব্ৰেচলেটডাল তেওঁৰ সৌভাগ্যৰ প্ৰতীক। ব্ৰেচলেটত থকা শিল- 'ফিৰোজা’ক লৈও ছলমানৰ বিশ্বাস আছে। তেওঁ আৰু এটা দাবীও কৰে। বলীউডৰ ছুপাৰষ্টাৰগৰাকীৰ ভাষাত "ফিৰোজাই প্ৰতিবাৰেই মোৰ কিবা বেয়া হ'লে বুজি পায়।"
কিন্তু শেহতীয়াকৈ শুনা হৈছে যে ছলমানে তেওঁৰ বহুমূলীয়া এই ব্ৰেচলেটডাল এজন বন্ধুক দি দিছে। ছলমানৰ ভগ্নী অৰ্পিতা খানৰ ঘৰত ঈদৰ পাৰ্টিত তাৰকাৰে ভৰি পৰে। আমিৰ খান তাত উপস্থিত থাকে। কুৰ্তা, জিন্সৰ সৈতে - এই ৰূপত দেখা গ’ল আমিৰক। কিন্তু সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বস্তুটো আছিল আমিৰৰ হাতৰ ব্ৰেচলেট। বহুতে সেই ব্ৰেচলেটটো ছলমানৰ বুলিয়ে ভাবে।
ছলমানে আমিৰৰ সৈতে ফটোও তোলে আৰু ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। খান দুজনক এটা ফ্ৰেমত দেখি বহুতে ভাবে যে অতি সোনকালে যিকোনো নতুন খবৰ দিব।
ঘৰৰ বেলকনিলৈ যোৱাৰ সময়ত ছলমানৰ হাতত ব্ৰেচলেটটো দেখা পোৱা নগ’ল। তেতিয়াৰ পৰাই বহুতে চৰ্চা আৰম্ভ কৰিলে। ছলমানৰ অনুৰাগীসকলে ক’বলৈ ধৰিছে যে ভাইজানে নিজৰ সৌভাগ্যৰ প্ৰতীক ব্ৰেচলেটডাল আমিৰ খানক দিলে।
Leave A Comment