ডিজিটেল ডেস্কঃ এখন ছৱিৰ শ্বুটিঙৰ সময়ত চেটত হঠাতে বোমা বিস্ফোৰণ ঘটাৰ ফলত গুৰুতৰভাৱে আহত হৈছে বলীউডৰ অভিনেতা সঞ্জয় দত্ত। বাংগালুৰুৰ আশে-পাশে থকা অঞ্চলত ‘কে ডি’ নামৰ কানাড়া ছবিখনৰ শ্বুটিং চলি আছিল।
শ্বুটিঙৰ সময়ত হঠাতে বোমা বিস্ফোৰণ ঘটে। বিস্ফোৰণত আহত হয় সঞ্জু বাবা। খবৰ অনুসৰি অভিনেতাজনৰ হাত, কঁকাল আৰু মুখত আঘাতপ্ৰাপ্ত হৈছে। বন্ধ কৰি দিয়া হৈছে ছবিখনৰ শ্বুটিং।
উল্লেখ্য যে সঞ্জয় দত্তই ‘কে ডি’ ছবিখনৰ জৰিয়তে সৰ্বভাৰতীয় পৰ্যায়ত ভৰি দিবলৈ ওলাইছে। অভিনেতাজনে ছবিখনৰ বাবে একচন ছিকুৱেন্সৰ শ্বুটিং কৰি আছিল। ফাইট মাষ্টাৰ ৰবি ভাৰ্মাৰ উপস্থিতিত দৃশ্যটোৰ শ্বুটিং চলি আছিল। তেনেসময়তে শ্বুটিং চেটত এটা বোমা বিস্ফোৰণ ঘটে।
বাংগালুৰুৰ সমীপৰ মাগৰী ৰোড এলেকাত এই বিস্ফোৰণৰ খবৰ পোৱা গৈছে। অভিনেতাজন আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে ছবিখনৰ শ্বুটিং বন্ধ কৰি দিয়া হয়।
শেহতীয়াকৈ পোৱা খবৰমতে, এতিয়া ভালেই আছে অভিনেতাজন। অৱশ্যে তেওঁ সম্পূৰ্ণ সুস্থ নোহোৱালৈকে শ্বুটিং বন্ধ কৰা হ’ব বুলি জানিব পৰা গৈছে।
Leave A Comment