comScore
  • বিবাহিত জীৱনে কি দিয়ে পুৰুষক? বিবাহবাৰ্ষিকী উপলক্ষে জনালে শ্বাহিদ কাপুৰে, কি ক’লে অভিনেতাগৰাকীয়ে?

    মনোৰঞ্জন
    বিবাহিত জীৱনে কি দিয়ে পুৰুষক? বিবাহবাৰ্ষিকী  উপলক্ষে জনালে শ্বাহিদ কাপুৰে, কি ক’লে অভিনেতাগৰাকীয়ে?
    ডিজিটেল ডেস্কঃ বলিউডৰ বিখ্যাত অভিনেতা শ্বাহিদ কাপুৰে আজিৰ পৰা ৮ বছৰ পূৰ্বে দিল্লীৰ যুৱতী মীৰা ৰাজপুতৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বৰ্তমান কন্যা মিছা আৰু পুত্ৰ জেনেৰে এটা সুখী পৰিয়াল আছে শ্বাহিদ কাপুৰৰ। 

    বহুতে প্ৰশ্ন কৰে যে শ্বাহিদ-মীৰাৰ সফল বিবাহিত জীৱনৰ ৰহস্য কি? শেহতীয়াকৈ শ্বাহিদে এক সাক্ষাৎকাৰত নিজৰ বিবাহিত জীৱনৰ বিষয়ে মুকলিকৈ কয়।

    শ্বাহিদে কয়, ”বিবাহৰ পিছত নাৰী এগৰাকীয়ে পুৰুষৰ জীৱনলৈ আহি পুৰুষৰ জীৱন সংগঠিত কৰে। প্ৰতিজন যুৱকে নিজৰ জীৱনলৈ এগৰাকী নাৰী অহাৰ পিছতহে এজন ভাল পুৰুষ হ’ব পাৰে। এই প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি চলি থাকে। জীৱনটো এনেকুৱাই যেন অনুভৱ হয়।”

    অৱশ্যে শ্বাহিদৰ এই ভিডিঅ’ সাক্ষাৎকাৰ ভাইৰেল হোৱাৰ পিছত বহুতেই সামালোচনা কৰিছে শ্বাহিদ কাপু্ৰক। এজন নেটিজেনে লিখিছে, ”বিয়াৰ পিছত পত্নী আনিছিলা, নে দাসী ?” আন এজন ব্যক্তিয়ে লিখিছে, “শ্বাহিদৰ কথা শুনি তেওঁ স্কুলত পঢ়ি থকা যেন লাগে! পুৰুষৰ জীৱনত নাৰীৰ অস্তিত্ব সেইটোৱেই নেকি?”