ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকাসকলৰ উপাৰ্জনৰ উৎস কেৱল চলচ্চিত্ৰ বা বিজ্ঞাপনৰ পৰাহে নেকি? নহয়। হিন্দী চলচ্চিত্ৰ তাৰকাসকলে মুম্বাই চহৰত তেওঁলোকৰ কেইবাটাও সম্পত্তি ক্ৰয় কৰে। তেওঁলোকে সুযোগ অনুসৰি সেইবোৰ বিক্ৰী বা ভাড়াত লয়। কেতিয়াবা প্ৰয়োজনত সেইসমূহ বিক্ৰী কৰি দিয়ে। প্ৰিয়ংকা চোপ্ৰাৰ পৰা জাহ্নৱী কাপুৰলৈকে বহুতো তাৰকাই সম্পত্তি ক্ৰয় কৰাৰ লগতে প্ৰয়োজন অনুসৰি সেইবোৰ বিক্ৰী কৰে।
এইবাৰ সোনম কাপুৰে বান্দ্ৰাৰ এটা অভিজাত ফ্লেট প্ৰায় ৩২.৫ কোটি টকাত বিক্ৰী কৰিছে। সোনম ২০২২ চনত মাতৃ হৈছিল। লণ্ডনৰ বাসিন্দা আনন্দ আহুজাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল সোনম।
এতিয়া অভিনেত্ৰীগৰাকীৰ হাতত কোনো বিশেষ কাম নাই। কোনো চলচ্চিত্ৰৰ কামত ব্যস্ত হৈ থকা দেখা নাই। সেইবাবেই টকাৰ অভাৱত পৰিয়ে সোনমে ফ্লেটটো বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল বুলি ধাৰণা কৰা হৈছে।
সোনমৰ ফ্লেটটো চিগনেচাৰ আইলেণ্ড নামৰ বহুমহলা ভৱনটোৰ তৃতীয় মহলাত আছে। এছএমএফ ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ এটা কোম্পানীয়ে ইয়াক ক্ৰয় কৰিছে। ক্ৰেতাই সম্পত্তিটো ক্ৰয় কৰিবলৈ ১.৯৫ কোটি টকাৰ অগ্ৰিম পৰিশোধ কৰিছিল।
২০১৫ চনত, সোনমে ৫৩৩৫ বৰ্গফুটৰ এই ফ্লেটটো প্ৰায় ১৫ কোটি টকাত ক্ৰয় কৰিছিল। অভিনেত্ৰীগৰাকীয়ে বিক্ৰীৰ সময়ত সম্পত্তিটো দুগুণতকৈও অধিক মূল্যত বিক্ৰী কৰিছে। ফ্লেটটোৰ পৰা সোনমে আহৰণ কৰিছে ৩২ কোটি টকা!
Leave A Comment