comScore
  • অত্যধিক মদ্যপানে জীৱন শেষ কৰিছিল শ্ৰীদেৱীৰ! চাঞ্চল্যকৰ বক্তব্য আগবঢ়ালে শ্ৰীদেৱীৰ শৈশৱৰ বান্ধৱী তথা এইগৰাকী অভিনেত্ৰীয়ে

    মনোৰঞ্জন
    অত্যধিক মদ্যপানে জীৱন শেষ কৰিছিল শ্ৰীদেৱীৰ! চাঞ্চল্যকৰ বক্তব্য আগবঢ়ালে শ্ৰীদেৱীৰ শৈশৱৰ বান্ধৱী তথা এইগৰাকী অভিনেত্ৰীয়ে
    ডিজিটেল ডেস্কঃ মৃ্ত্যুৰ পাছতো শ্ৰীদেৱীক লৈ উৎসুকতা অন্ত পৰা নাই। এইবাৰ শ্ৰীদেৱীৰ অস্বাভাৱিক মৃত্যুক লৈ চাঞ্চল্যকৰ বক্তব্য আগবঢ়াইছে এগৰাকী অভিনেত্ৰীয়ে।

    দক্ষিণৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তথা শ্ৰীদেৱীৰ শৈশৱৰ বন্ধু কুট্টী পদ্মিনীয়ে শেহতীয়াকৈ এটা ইউটিউব চেনেলৰ সৈতে ভাৱ বিনিময় কৰে। যেতিয়া তেওঁক শ্ৰীদেৱীৰ স্মৃতি আৰু অভিজ্ঞতাৰ বিষয়ে বিশদভাৱে ক’বলৈ কোৱা হৈছিল, তেতিয়া পদ্মিনীয়ে শ্ৰীদেৱী আৰু তেওঁৰ মাতৃৰ বিষয়ে কিছু আচৰিত ধৰণৰ তথ্য প্ৰকাশ কৰে।

    তেওঁ কয়- "শ্ৰীদেৱীৰ মাকৰ দৈনিক মদ্যপান কৰাৰ অভ্যাস আছিল। আনকি সৰুতে শ্ৰীদেৱীক টোপনি অহাত সহায় কৰিবলৈও মদ খোৱাইছিল। শ্ৰীদেৱীয়ে সৰুৰে পৰা বহুত কষ্ট কৰিছিল আৰু টোপনিৰ সহায়ৰ বাবে মাকে মদ খুৱাইছিল। পিছলৈ শ্ৰীদেৱীয়েও এই অভ্যাসটো ল'লে, যাৰ ফলত তাইৰ জীৱনত প্ৰভাৱ পৰিল।"

    উল্লেখ্য যে চেন্নাইত জন্মগ্ৰহণ কৰি তাতে ডাঙৰ-দীঘল হোৱা শ্ৰীদেৱীয়ে বনী কাপুৰক বিয়া কৰাই মুম্বাইলৈ যোৱাৰ পূৰ্বে প্ৰধানকৈ দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগত কাম কৰিছিল। বহু টলিউড আৰু কলিউডৰ চলচ্চিত্ৰ তাৰকা, প্ৰযোজক, পৰিচালক, অভিনেত্ৰীৰ সৈতে তেওঁৰ বন্ধুত্ব আছিল।