• ''তোমাৰ প্ৰেম মোৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ!’’ কাৰাগাৰৰ পৰাই জেকুলিন ফাৰ্নাণ্ডেজলৈ প্ৰেম পত্ৰ লিখিলে সুকেশ চন্দ্ৰশেখৰে! প্ৰেম পত্ৰত কি কি লিখিলে তেওঁ?

    মনোৰঞ্জন
    ''তোমাৰ প্ৰেম মোৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ!’’ কাৰাগাৰৰ পৰাই জেকুলিন ফাৰ্নাণ্ডেজলৈ প্ৰেম পত্ৰ লিখিলে সুকেশ চন্দ্ৰশেখৰে! প্ৰেম পত্ৰত কি কি লিখিলে তেওঁ?
    ডিজিটেল ডেস্কঃ জেকুলিন ফাৰ্নাণ্ডেজ এতিয়াও কনমেন সুকেশ চন্দ্ৰশেখৰৰ হৃদয়ৰ ৰাণী। নিজৰ জন্মদিনত মৰমৰ প্ৰেয়সীৰ প্ৰতি মৰমেৰে ভৰা এখন চিঠি লিখিলে সুকেশে।

    ২৫ মাৰ্চত কনমেন সুকেশৰ জন্মদিন। ২০০ কোটি টকাৰ জালিয়াতিৰ অভিযোগ আছে সুকেশৰ বিৰুদ্ধে। কেৱল সেয়াই নহয়, অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ বাবেই তেওঁ ৰাতিটোৰ ভিতৰতে শিৰোনাম দখল কৰিছিল। অভিনেত্ৰীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল সুকেশৰ সৈতে।

    জালিয়াতিৰ গোচৰৰ তদন্তৰ বাবে বিগত এটা বছৰত জেকলিন ফাৰ্নাণ্ডেজে কেইবাবাৰো আদালতত হাজিৰ হৈছে। আদালতত সুকেশৰ বিৰুদ্ধে কেইবাটাও তথ্য ফাদিল কৰিছে বলীউডৰ অভিনেত্ৰীগৰাকীয়ে। অৱশ্যে জেকলিন এতিয়াও সুকেশৰ হৃদয়ৰ ৰাণী।

    সুকেশে জেকলিনৰ বাবে লিখিছে, “মোৰ বোম্মা, জন্মদিনত তোমাৰ অভাৱ অনুভৱ কৰিছো। মোৰ চাৰিওফালে তোমাৰ উপস্থিতি মোৰ মনত পৰিছে। শব্দৰে প্ৰকাশ কৰাৰ ক্ষমতা মোৰ নাই। কিন্তু মই জানো, মোৰ প্ৰতি তোমাৰ প্ৰেম কেতিয়াও শেষ নহ’ব। তোমাৰ সুন্দৰ হৃদয়ত কি আছে মই জানো! প্ৰমাণৰ প্ৰয়োজন নাই।

    তেলেগু ভাষাত ‘বোটা বোম্মা’ বাক্যাংশৰ অৰ্থ হৈছে ‘সুন্দৰ পুতলা’। সুকেশে লিখে- ''তোমাৰ মৰম মোৰ বাবে সকলো। মোক ইমান ধুনীয়া মন এটা দিয়াৰ বাবে ধন্যবাদ। তোমাৰ প্ৰেম মোৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ।''

    আৰ্থিক জালিয়াতিৰ গোচৰত জেকলিনৰ নাম জড়িত হোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে সুকেশক লৈ বিস্ফোৰক মন্তব্য কৰি আহিছে। অৱশ্যে সুকেশে যে এতিয়া জেকলিনৰ হাত এৰা নাই, সেয়া তেওঁৰ চিঠিত স্পষ্ট হৈ পৰিছে।