comScore
  • ইনক্লাব জিন্দাবাদ! বৈপ্লৱিক প্ৰেমৰ জয়গানেৰে অভিনেত্ৰী স্বাৰা ভাস্কৰে সজাইছে নিজৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ, স্থান পাইছে কা বিৰোধী শ্লোগানো

    মনোৰঞ্জন
    ইনক্লাব জিন্দাবাদ! বৈপ্লৱিক প্ৰেমৰ জয়গানেৰে অভিনেত্ৰী স্বাৰা ভাস্কৰে সজাইছে নিজৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ, স্থান পাইছে কা বিৰোধী শ্লোগানো
    ডিজিটেল ডেস্কঃ বৈপ্লৱিক বিয়া পাতিছে স্বাৰা ভাস্কৰে। অভিনেত্ৰীগৰাকীৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰত বিপ্লৱ আৰু প্ৰেমৰ সংযোগ দখা গৈছে! ১৬ ফেব্ৰুৱাৰীত তেওঁলোকৰ আইনী বিবাহ সম্পূৰ্ণ হয়। এইবাৰ আনুষ্ঠানিক বিয়াৰ সময়। ১১ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ স্বৰাৰ মাকৰ ঘৰতে বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব।

    ইতিমধ্যে অতিথিবৰ্গলৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে। স্বৰা-ফহাদৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰত থকা নতুনত্বৰ বাবেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

    বিয়াৰ কাৰ্ডখনত লিখা আছে, ''কেতিয়াবা আপুনি এনেকুৱা এটাৰ সন্ধানত আছে, যিটো কাষতে থাকে। আমি প্ৰেম বিচাৰি আছিলো, কিন্তু বন্ধুত্ব পালোঁ।’’

    বছৰটো ২০১৯। দিল্লীত অব্যাহত আছে নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ। সমাজবাদী পাৰ্টিৰ যুৱ নেতা ফাহাদ আহমেদে ২০২০ চনৰ জানুৱাৰী মাহত সেই প্ৰতিবাদী মঞ্চত স্বাৰাক সাক্ষাৎ কৰিছিল। সেইয়াই প্ৰথম সাক্ষাৎ। সেইোবেই স্বাৰাৰ বিয়াৰ নিমন্ত্ৰণত CAA, NRCৰ বিৰুদ্ধে শ্লোগান আছে। গালিবৰ উল্লেখ আছে। গালিব আন কোনো নহয়, স্বাৰাৰ পোহনীয়া মেকুৰীটোৰ নাম।

    সমগ্ৰ নিমন্ত্ৰণ কাৰ্ডখন মুম্বাই থিমত সজাই তোলা হৈছে। য’ত মেৰিন ড্ৰাইভ আছে তাত ‘দিলৱালে দুলহানিয়া লে জায়েংগে’ৰ পোষ্টাৰো আছে। ''হম কাগজ নেহি দিখায়েংগে’’, ''হুম সব এক হায়’’, ''হুম ভাৰত কে লগ’’, 'ইনক্লাব জিন্দাবাদ’ আদি শ্লোগানো তাত লিখা আছে। এক কথাত ক’বলৈ গ’লে স্বাৰাৰ এই বিয়াৰ নিমন্ত্ৰণী পত্ৰখন প্ৰেম আৰু বিপ্লৱৰ এক অনন্য মিশ্ৰণ।