Lifestyle
ডিজিটেল ডেস্কঃ দুগৰাকী যুৱতীয়ে এখন ৰেষ্টুৰাঁত খাদ্য গ্ৰহণ
কৰিবলৈ গৈছে। কিন্তু নিৰাপত্তাৰক্ষীয়ে সোমাবলৈ নিদিলে। কাৰণ হৈছে যুৱতীগৰাকীয়ে ‘দৃষ্টিকটু
পোছাক’ পিন্ধিছে। এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে ফ্ৰান্সৰ পেৰিছত।
শেহতীয়াকৈ সামাজিক মাধ্যমত সমগ্ৰ ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হৈ
পৰিছে। তাত দেখা গৈছে যে বুকুৰ কিছু অংশ উন্মুক্ত হৈ থকাৰ বাবেই নিৰাপত্তাৰক্ষীয়ে
যুৱতী দুগৰাকীক ৰেষ্টোৰাঁত সোমাবলৈ নিদিলে।
যুৱতী দুগৰাকীৰ মাজৰ এগৰাকীৰ নাম বাবিংকছ বুলি জানিব পৰা
গৈছে। পেছাগতভাৱে তেওঁ চ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ। বাবিংকছ আৰু তেওঁৰ বান্ধৱীয়ে
ৰেষ্টুৰাঁখনত খাদ্য গ্ৰহণ কৰিবলৈ গৈছিল। বাবিংকছে গুলপীয়া ৰঙৰ মিনিস্কাৰ্ট পৰিধান
কৰাৰ লগতে বান্ধৱীগৰাকীয়ে পৰিধান কৰিছিল ক’লা ৰঙৰ চাৰ্ট-পেণ্ট।
লগে লগে সমগ্ৰ ঘটনাটোৰ ভিডিঅ’ বাবিংকছে সামাজিক মাধ্যমত
শ্বেয়াৰ কৰে। ভাইৰেল হৈ পৰা ভিডিঅ’টোত অনেক লোকে ভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
কিছুৱে ইয়াৰ দ্বাৰা ৰেষ্টুৰাঁখনে মহিলাক অপমান কৰা বুলিও মন্তব্য কৰিছে।
Leave A Comment