ঋষভ পন্ট আৰু উৰ্বশী ৰাউটেলাৰ সৈতে সম্পৰ্কৰ বিষয়ে হয়তো এতিয়া সকলোতে চৰ্চা হৈছে৷ বৰ্তমানৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলো এই প্ৰশ্নক লৈ ব্যস্ত হৈ পৰিছে৷ উৰ্বশীৰ প্ৰতিটো পোষ্ট অনুৰাগীসকলৰ বাবে ইংগিতপূৰ্ণ যেন লাগিছে। সেয়েহে প্ৰতিটো প’ষ্টৰ কমেন্ট বক্সত ঋষভৰ নাম জিলিকি থাকে।
উৰ্বশী মাত্ৰ কিছুদিন পূৰ্বে অষ্ট্ৰেলিয়ালৈ গৈছে। দেওবাৰে উবৰ্শীয়ে ছ’চিয়েল মিডিয়াত ব্যক্তিগত জেটত অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ এখন ফটো শ্বেয়াৰ কৰে।
এই ফটো শ্বেয়াৰৰ পিছতেই অনুৰাগসকলৰ অনুমান আৰম্ভ হৈছিল। পণ্টে ইতিমধ্যে বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাবলৈ ভাৰতীয় দলৰ সৈতে অষ্ট্ৰেলিয়া ত উপস্থিত হৈছে। গতিকে স্বাভাৱিকতে, উৰ্বশীৰ নাম আকৌ এবাৰ তেওঁৰ সৈতে সম্পৰ্কিত হৈছে৷ এতিয়া কৰৱা চৌথ উৰ্বশীয়ে ৰেশৱ পন্টৰ নামত পালন কৰিব বুলিও অনুৰাগীসকলে অনুমান কৰিছে৷
উৰ্বশীয়ে অলপতে শাৰী , সেন্দূৰত নিজৰ এখন ফটো প’ষ্ট কৰিছিল। তাত তেওঁ হিন্দীত কেইটামান শাৰী যোগ কৰিছে। উৰ্বশীয়ে লিখিছে, "প্ৰেমত পৰা প্ৰেমিকাৰ বাবে সেন্দূৰতকৈ ব্যয়বহুল একো হ'ব নোৱাৰে। সকলো ৰীতি-নীতিৰ লগতে, মই গোটেই জীৱন আপোনাৰ সৈতে থাকিব বিচাৰো, প্ৰিয়। ”
উৰ্বশীৰ এই কেপছনে অনুৰাগীসকলৰ অনুমান সত্যত পৰিণত কৰাৰো থল নোহোৱা নহয়৷
Leave A Comment