ডিজিটেল ডেস্কঃ ঠাণ্ডা বুলি ক’লেই বহুতৰে পেটতে হাত-ভৰি লুকায়। এই দিন কেইটাত বহুতৰেই গাত বহুদিনলৈ পানী নপৰেই। বহুতে আকৌ গাৰ গোন্ধ দূৰ কৰিবলৈ পাৰফিউম মাৰিয়েই স্নানৰ কাম ফেৰা স্পূৰ্ণ কৰি থয়। গা নোধোৱাকৈ থকাসকলৰ ভিতৰত বলীউডৰ অভিনেতা আমিৰ খানো আছে।
আমিৰ খানেও নিতৌ গা নুধুৱে। এই কথা আমিৰৰ প্ৰাক্তন পত্নী কিৰণ ৰাৱেই এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল। লিভ ইণ্ডিয়াক দিয়া এক সাক্ষাৎকাৰত কিৰণ ৰাৱে কৈছিল, "তেওঁৰ বিষয়ে মই ভাল নোপোৱা এটা কথা হ'ল তেওঁ নিতৌ গা নুধুৱে। আৰু একথাকলৈয়েই আমাৰ মাজত খকা-খুন্দাও লাগে ।" পত্নীৰ অভিযোগ সন্দৰ্ভত অভিনেতাজনে কৈছিল, "মই কামৰ বাবে বাহিৰলৈ যাওঁতে গা ধুই যাওঁ। যেতিয়া মই বাহিৰলৈ ওলাই নাযাওঁ বা যেতিয়া মই ঘৰতে থাকো তেতিয়াহে গা ধুব নোৱাৰো।"আমিৰৰ ঘনিষ্ঠ মহলৰ মতে অভিনেতাজনৰ সেই স্বভাৱ এতিয়াও সলনি হোৱা নাই। এতিয়াও তেওঁ বহুদিন গা নোধোৱাকৈয়ে থাকে।
মাজতে কথা ওলাইছে যে আমিৰে আন এগৰাকী যুৱতীৰ সৈতে ডেটিং কৰি আছে। মুখ বাগৰি অহা কথাৰ সত্যতা অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। বহুতে কৈছে যে আমিৰ খানৰ গা নোধোৱা কথাটোৰ বাবেই বহু যুৱতীয়ে তেওঁৰ পৰা ফালৰি কাটি থাকিব বিচাৰে। অৱশ্যে দ্বিতীয় বিবাহ কৰোৱা আমিৰ খানৰ যুৱতীৰ সৈতে থকা সম্পৰ্কৰ খবৰ কমেইহে ওলায়। সাংসাৰিক জীৱনত আমিৰ যথেষ্ট দায়বদ্ধ বুলি তেওঁৰ সুনাম এটা আছে।
Leave A Comment