ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াই বহু লোকক এৰাতিতে তাৰকাত পৰিণত কৰিছে। তাৰ ভিতৰত অন্যতম ৰাণু মণ্ডল। বৰ্তমান সময়ত ৰাণু মণ্ডলক চিনি নোপোৱা মানুহ নাই। ইণ্টাৰনেট ছেন্সেছন ৰাণু মণ্ডলে হঠাতে আলোড়নৰ সৃষ্টি কৰিছিল যদিও তেওঁৰ ভাগ্য বেছিদিন জিলিকি নাথাকিল। কলকাতাৰ ৰাণাঘাট ষ্টেছনত লতা মংগেশকাৰৰ ’এক প্যাৰ কা নাগমা হে’ গীতটো গাই ৰাণু মণ্ডল অভাৰনাইট ষ্টাৰ হৈ পৰিছিল, তাৰ পিছত সকলোৱে তেওঁৰ কণ্ঠ ভাল পাবলৈ আৰম্ভ কৰিছিল আৰু তেওঁ সংগীত জগততো স্থান লাভ কৰিছিল।
সুৰকাৰ তথা কণ্ঠশিল্পী হিমেশ ৰেশমীয়াই তেওঁক বলীউডৰ ছবিখনত গান গোৱাৰ সুযোগ দিছিল। এই সুযোগ সকলোৱে নাপায়, কিন্তু ৰাণুৰ ভাগ্য যেনেকৈ ৰাতিটোৰ ভিতৰতে জিলিকি উঠিল, ঠিক তেনেদৰে মানুহৰ হৃদয়ৰ পৰাও তেওঁৰ স্থান অৱনমিত হৈছিল। ইয়াৰ আঁৰত আছিল ৰাণুৰ ৰুক্ষ ব্যৱহাৰ।
ৰাণু মণ্ডলৰ জীৱনক লৈ বায়’পিক ছবি নিৰ্মাণ কৰাৰ কথা ভাবিছে চলচ্চিত্ৰ নিৰ্মাতা হৃষিকেশ মণ্ডলে। তেওঁৰ এই প্ৰস্তাৱ বহু অভিনেত্ৰীয়ে নাকচ কৰে। ৰাণুৰ চৰিত্ৰত কোনো অভিনেত্ৰীয়ে অভিনয় কৰিব নিবিচাৰে। অৱশেষত অভিনেত্ৰী ইশিকা দে'ই ৰাণু মণ্ডলৰ চৰিত্ৰত অভিনয় কৰিবলৈ সন্মত হৈছে।
হৃষিকেশ মণ্ডলে জনোৱা মতে, তেওঁ বহু অভিনেত্ৰীক লগ পাই তেওঁলোকক চিত্ৰনাট্যৰ বিষয়ে বুজাই দিছিল, কিন্তু সকলোৱে ৰাণু মণ্ডলৰ চৰিত্ৰত অভিনয় কৰিবলৈ অস্বীকাৰ কৰিছিল। অৱশ্যে তেওঁৰ এই প্ৰচেষ্টা সফল হোৱাত ইশিকা দে'ই সমৰ্থন আগবঢ়ায়। ৰাণু মণ্ডলৰ চৰিত্ৰত অভিনয় কৰিবলৈ তেওঁ সন্মত হয়।
উল্লেখ্য যে হৃষিকেশ মণ্ডলে অভিনেতা হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল, কিন্তু অভিনয়ত বিশেষ একো কৰিব নোৱাৰিলে। ৰাণু মণ্ডলৰ কাহিনী তেওঁৰ নিজৰ দৰে যেন লাগে, যাৰ বাবে তেওঁ ৰাণুৰ জীৱনক লৈ এখন ছবি নিৰ্মাণ কৰাৰ কথা চিন্তা কৰে।
বায়’পিকখনৰ নাম 'এক প্যাৰ কা নগমা হে' হ'ব বুলি জানিব পৰা গৈছে।
Leave A Comment