comScore
  • এইবাৰ 'আদিপুৰুষ'ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে অখিল ভাৰতীয় হিন্দু মহাসভাই

    মনোৰঞ্জন
    এইবাৰ 'আদিপুৰুষ'ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে অখিল ভাৰতীয় হিন্দু মহাসভাই
     ডিজিটেল ডেস্কঃ মুক্তিৰ দিনটোৰ পৰাই বিতৰ্কই লগ এৰা নাই  'আদিপুৰুষ' ছবি খনক। ছবি খন ইতিমধ্যে দেশৰ একাধিক ৰাজ্যত নিষিদ্ধ ঘোষণা কৰা হৈছে। ৰামায়ণৰ আধাৰত নিৰ্মিত ছবি খনৰ বিৰুদ্ধে এইবাৰ সৰব হৈছে। অখিল ভাৰতীয় হিন্দু মহাসভা। সংঘঠনটোৰ  মুখপাত্ৰ শিশিৰ চতুৰ্বেদীয়ে ছবি খনত পৌৰাণিক চৰিত্ৰসমূহক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ তুলি  হজৰতগঞ্জ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

    অভিযোগত চতুৰ্বেদীয়ে কয় যে চলচ্চিত্ৰখন আপত্তিজনক সংলাপ, পোছাকেৰে হিন্দু দেৱতাৰ ছবি বিকৃত কৰি হিন্দুৰ ভাৱনাক অপমান কৰিছে।  ছবি খনত ৰাৱণ, হনুমান আদি চৰিত্ৰ সমূহ বিকৃত কৰি হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে অনেকেই।উল্লেখ্য হিন্দু সেনায়ো শেহতীয়াকৈ  দিল্লী উচ্চ ন্যায়ালয়ত 'আদিপুৰুষ ' ছবি খনৰ বিৰুদ্ধে  এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছে। হিন্দু সেনাৰ ৰাষ্ট্ৰীয় সভাপতি বিষ্ণু গুপ্তাই দাখিল কৰা আবেদন খনত অভিযোগ কৰা হৈছে  যে "আদিপুৰুষে' হিন্দুসকলৰ অনুভূতিত আঘাত হানিছে। 

    হিন্দু সেনাই অভিযোগ কৰিছে যে ছবিখনত দেখুওৱা ধৰ্মীয় চৰিত্ৰসমূহৰ মহৰ্ষি বাল্মীকিয় ৰচনা কৰা  'ৰামায়ণ' বা 'ৰামচৰিতমানস'ৰ বৰ্ণনাৰ সৈতে একো মিল নাই। ছবি খনত হিন্দু ব্ৰাহ্মণ ৰাৱণক বিকৃত কৰি দেখুওৱা ভয়ানক মুখখনে  হিন্দু সভ্যতাক সম্পূৰ্ণ অপমান কৰিছে।  ছবি খন তথ্যৰ বিকৃতিৰ বাহিৰে আন একো নহয় বুলি অভিযোগত কোৱা হৈছে।