comScore
  • প্ৰতিটো চিনেমা হলত প্ৰভু হনুমানৰ বাবে এখনকৈ আসন খালী থাকিব! 'আদিপুৰুষ'ৰ নিৰ্মাতাৰ সিদ্ধান্ত

    মনোৰঞ্জন
    প্ৰতিটো চিনেমা হলত প্ৰভু হনুমানৰ বাবে এখনকৈ আসন খালী থাকিব! 'আদিপুৰুষ'ৰ নিৰ্মাতাৰ সিদ্ধান্ত
    ডিজিটেল ডেস্কঃ প্ৰভাসৰ অনুৰাগীৰ বাবে জুন মাহটো অতি বিশেষ হ’বলৈ গৈ আছে। বহু অপেক্ষাৰ অন্তত ১৬ জুনত মুক্তি পাব আদিপুৰুষ। আদিপুৰুষৰ বাবে সকলোৱে বৰ অধীৰ আগ্ৰহেৰে ৰৈ আছে। চিনেমাখনৰ প্ৰচাৰ আৰম্ভ হৈছে। ৰামায়ণৰ কাহিনীৰ আধাৰত নিৰ্মিত আদিপুৰুষ মুক্তিৰ পূৰ্বে নিৰ্মাতাই এক ডাঙৰ ঘোষণা কৰিছে। 

    ছবিখনৰ প্ৰদৰ্শনৰ সময়ত প্ৰতিটো চিনেমা হলত এখনকৈ আসন খালী হৈ থাকিব বুলি নিৰ্মাতাসকলে সিদ্ধান্ত লৈছে। এই আসনখন ভগৱান হনুমানক উৎসৰ্গা কৰা হ’ব। হনুমান ভগৱানৰ প্ৰতি মানুহে ৰখা বিশ্বাসক সন্মান জনাই এই সিদ্ধান্ত লোৱা হৈছে। নিৰ্মাতাই কয় যে যেতিয়াই ৰামায়ণ পাঠ কৰা হয় তেতিয়াই তাত ভগৱান হনুমান আবিৰ্ভাৱ হয়। এইটোৱেই আমাৰ বিশ্বাস। এই বিশ্বাসক সন্মান জনাই আদিপুৰুষৰ প্ৰতিটো প্ৰদৰ্শনৰ সময়ত বিক্ৰী নোহোৱাকৈ এখন আসন সংৰক্ষিত ৰখা হ’ব। হনুমান হৈছে ৰামৰ আটাইতকৈ ডাঙৰ ভক্ত। এই ডাঙৰ ভক্তগৰাকীক আমি সন্মান জনাই সিদ্ধান্ত গ্ৰহণ কৰিছো। আমি সকলোৱে 'আদিপুৰুষ'ক ভগৱান হনুমানৰ সান্নিধ্যত অতি ভৱ্যতাৰে উপভোগ কৰিম। 

    উল্লেখ্য যে ৫০০ কোটি টকা বাজেটেৰে নিৰ্মাণ কৰা হৈছে আদিপুৰুষ।