ডিজিটেল ডেস্কঃ চিনেমাপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে ৰৈ আছে ‘আদিপুৰুষ’ৰ বাবে। প্ৰভাস, কৃতি সেনন আৰু ছৈফ আলী খানৰ ‘আদিপুৰুষ’ক ২০২৩ বৰ্ষৰ ছবিৰ সেই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। বহু বিতৰ্ক আৰু মুক্তিৰ তাৰিখ বৃদ্ধিৰ পিছত এতিয়া ছবিখনৰ চূড়ান্ত মুক্তিৰ তাৰিখ ১৬ জুন, ২০২৩ স্থিৰ কৰা হৈছে।
কালি ৯ মে’, ২০২৩ তাৰিখে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হয় আৰু টিজাৰৰ তুলনাত ছবিখনে আচৰিত ধৰণৰ সঁহাৰি লাভ কৰিছে। ৰামায়ণৰ এই অভিযোজনটো দৰ্শকে বহুত ভাল পোৱাৰ লগতে ট্ৰেইলাৰ চাই অনুৰাগীসকল ছবিখনৰ প্ৰতি আৰু অধিক আগ্ৰহী হৈ পৰিছে। আদিপুৰুষৰ ট্ৰেইলাৰে অস্কাৰ বিজয়ী আৰআৰআৰৰ অভিলেখ ভংগ কৰিছে। এই বিষয়ে বিতংভাৱে জানো আহক।
কালি পুৱাৰ পৰা অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল আদিপুৰুষৰ ট্ৰেইলাৰ মুকলিৰ বাবে। দুপৰীয়া প্ৰায় দুবজাত ইউটিউবত মুক্তি পোৱা এই ট্ৰেইলাৰটোৱে যথেষ্ট সঁহাৰি লাভ কৰিছে। এই ছবিখনৰ সংলাপ, সংগীত, অভিনয় আৰু VFXক অনুৰাগীয়ে প্ৰশংসা কৰিছে। ছবিখনৰ ট্ৰেইলাৰ হিন্দী ভাষাৰ লগতে তেলেগু, মালয়ালম, তামিল আৰু কানাড়া ভাষাতো মুক্তি লাভ কৰে।
আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আদিপুৰুষে ‘আৰ আৰ আৰ’ৰ অভিলেখ ভংগ কৰিলে। ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰতে আদিপুৰুষৰ ট্ৰেইলাৰটোৱে সকলো ভাষা মিলাই মুঠ ৫৭.২০ মিলিয়ন ভিউছ লাভ কৰাৰ বিপৰীতে আৰ আৰ আৰ’ৰ ২৪ ঘন্টাত ভিউজ আছিল ৫১.১২ মিলিয়ন। এই সফলতাত অনুৰাগীসকল অতি সুখী হৈ পৰিছে আৰু ছবিখন চাবলৈ ব্যগ্ৰ হৈ পৰিছে। আদিপুৰুষ পৰিচালনা কৰিছে ওম ৰাৱটে।
Leave A Comment