ডিজিটেল ডেস্কঃ ডিব্ৰুগড় বিমানবন্দৰত এগৰাকী যাত্ৰীৰ বেগৰ পৰা এটা ৯ এম এম পিষ্টলৰ সক্ৰিয় গুলি উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্য।
ইন্দিগ’ বিমানত শম্ভূ দয়াল শৰ্মা নামৰ এগৰাকী যাত্ৰীয়ে ডিব্ৰুগড় পৰা নিজ গৃহ ৰাজস্থানলৈ বুলি যাবলৈ উপস্থিত হৈছিল ডিব্ৰুগড় বিমানবন্দৰত।
সেই সময়ত ডিব্ৰুগড় বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে ব্যক্তি জনৰ বেগসমূহ পৰীক্ষা কৰোঁতে ধৰা পৰে এটা ৯ MM পিষ্টলৰ সক্ৰিয় গুলি। ব্যক্তিজনে ব্যৱসায়ৰ সূত্ৰে বহু বছৰ ধৰি অৰুণাচল প্ৰদেশৰ লংডিঙত বসবাস কৰিছিল। অৰুণাচল প্ৰদেশত ব্যক্তিজনক বিদ্ৰোহী সংগঠনে ভিন্ন সময়ত ধন দাবী কৰি অহাৰ কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে শম্ভূ দয়াল শৰ্মাই।
অন্যহাতে বেগত এটা সক্ৰিয় গুলী কেনেকৈ সোমাই আছিল সেই সন্দৰ্ভত তেওঁ জ্ঞাত নহয় বুলি মন্তব্য কৰে। ডিব্ৰুগড় বিমানবন্দৰৰ ঘটনাস্থলীত মোহনবাৰী আৰক্ষী উপস্থিত ব্যক্তিজনক সোধপোচৰ বাবে আটক কৰে। সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
বাতৰি সংগ্ৰহঃ ধৰণী গগৈ, ডিকম
Leave A Comment