comScore
  • আদনান ছামিৰ বিৰুদ্ধে দ্বিতীয় পত্নীৰ দ্বাৰা পৰ্ণগ্ৰাফিক চিডি বনোৱাৰ অভিযোগ

    মনোৰঞ্জন
    আদনান ছামিৰ বিৰুদ্ধে দ্বিতীয় পত্নীৰ দ্বাৰা পৰ্ণগ্ৰাফিক চিডি বনোৱাৰ অভিযোগ
    ডিজিটেল ডেস্কঃ আদনান ছামি ভাৰতীয় নাগৰিকত্ব সৌজন্যতাৰে গ্ৰহণ কৰাৰ পিছৰে পৰা বিতৰ্কৰ অংশ হৈ আহিছে। এতিয়া তেওঁৰ ভাতৃ জুনেইদ ছামি খানে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত গায়কগৰাকীৰ বিষয়ে কিছু আচৰিত অথচ বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে।

    জুনেইদে দীঘলীয়া পোষ্টটোত দাবী কৰিছে যে আদনান এজন ডাঙৰ মিছলীয়া যিয়ে আদালতত উপস্থাপন কৰিবলৈ তেওঁৰ দ্বিতীয় পত্নীৰ আপত্তিজনক ভিডিঅ’ বনাইছিল। আনকি তেওঁ দাবী কৰিছিল যে ছামিৰ ভুৱা ডিগ্ৰী আছে আৰু তেওঁ জেললৈয়ো গৈছে।

    পোষ্টটোত সংগীতজ্ঞজনৰ ভাতৃয়ে আনকি তেওঁক কেৰিয়াৰত সহায় নকৰাৰ বাবে জেষ্ঠ ভাতৃক দোষাৰোপ কৰিছে। অৱশ্যে এতিয়া পোষ্টটো ডিলিট হৈছে যদিও অলপ সময়ৰ ভিতৰতে পোষ্টটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷

    জুনেইদে লগতে পোষ্টটোত দাবী কৰিছে যে আদনান ছামীয়ে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল কাৰণ ভাৰতত তেওঁ ভাল পাৰিশ্ৰমিক লাভ কৰে যিটো পাকিস্তানত তেওঁ লাভ কৰিব নোৱাৰে। তেওঁ দাবী কৰিছিল যে তেওঁলোকৰ মাতৃ পাকিস্তানী, ভাৰতীয় নহয়, আদনান ছামীয়ে কোৱা কথা মিছা কথা। জুনেইদে তেওঁৰ পোষ্টটোত বহু প্ৰতিক্ৰিয়া লাভ কৰিছিল য’ত মানুহে ইয়াক ব্যক্তিগত বিষয় বুলি অভিহিত কৰি তেওঁক শান্ত কৰিবলৈ চেষ্টা কৰিছিল। জুনেইদে এনে প্ৰতিক্ৰিয়াৰ অন্তত উক্ত পোষ্টটো সামাজিক মাধ্যমৰ পৰা ডিলিট কৰে৷