ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত ঐশ্বৰ্য ৰায়ে কয় যে তেওঁ এখন ছবিত প্ৰাক্তন প্ৰেমিক ছলমানৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰাৰ কথা আছিল! অৰ্থাৎ ভাইজানক পৰ্দাত তেওঁৰ ভাতৃৰ চৰিত্ৰত দেখা পোৱা গ’লহেঁতেন।
সেই ভিডিঅ’টোত ঐশ্বৰ্যই কৈছিল যে ছলমানে ‘জোছ’ ছবিখনত শ্বাহৰুখ খানৰ চৰিত্ৰত ছলমানে অভিনয় কৰাৰ কথা আছিল। সেই সময়তে ঐশ্বৰ্য আৰু ছলমানে ইজনে সিজনৰ লগত প্ৰেম কৰি আছিল৷
অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘জোছ’ মুক্তিৰ পূৰ্বে সেই বছৰতে মই আৰু শ্বাহৰুখে ‘মহব্বতেইন’ ছবিখনত যুটি হিচাপে অভিনয় কৰিছিলো। কিন্তু শ্বাহৰুখৰ ভনীয়েকৰ চৰিত্ৰত অভিনয় কৰি মোৰ কোনো সমস্যা নাছিল। প্ৰথম অৱস্থাত কোৱা হৈছিল যে শ্বাহৰুখ আৰু আমিৰ (খানে) অভিনয় কৰিব। ইয়াৰ পিছত আমিৰৰ ঠাইত চন্দ্ৰচুদে সেই চৰিত্ৰত অভিনয় কৰে।’’
নব্বৈৰ দশকৰ শেষৰ ফালে সঞ্জয় লীলা ভাঞ্চালীৰ হম দিল দে চুকে ছানম ছবিখনৰ কাম কৰাৰ সময়তে ছলমান আৰু ঐশ্বৰ্যৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। কিন্তু সেই সম্পৰ্ক মাত্ৰ চাৰি বছৰহে চলিছিল। শুনা যায় যে সম্পৰ্কৰ সময়ত ছলমানে ঐশ্বৰ্যক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল। ২০০৪ চনত সেই সম্পৰ্কৰ অন্ত পেলাইছিল ঐশ্বৰ্যই।
Leave A Comment