International
ডিজিটেল ডেস্ক : বলীউডৰ অন্যতম
আগশাৰীৰ অভিনেতা অক্ষয় কুমাৰ। অভিনেতাজনে নিজৰ প্ৰায় প্ৰতিখন ছবিৰ জৰিয়তে এটা সামাজিক
বাৰ্তা দিবলৈ চেষ্টা কৰে। ‘পেডমেন’, ‘টয়লেট: এ লাভ ষ্ট’ৰী’, ‘এয়াৰলিফ্ট’-এনে বহু
ছবি আছে। প্ৰতিখন ছবিতে নায়কজনে দৰ্শকলৈ কিছু বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে।
তাৰ পৰাই বহুতো প্ৰশ্নৰ সৃষ্টি
হৈছে। কিন্তু ৰাজনীতিত যোগদান কৰিবলৈ ইচ্ছ্যুক নেকি নায়কজন? ৰাজনীতিত অভিনেতা জড়িত
হোৱাটো এইখন দেশত নতুন কথা নহয়। শত্ৰুঘ্নৰ পৰা কমল হাছান, হেমা মালিনী, জয়া বচ্চন
আদি কেইবগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে ইতিমধ্যে ৰাজনীতিত যোগদান কৰিছে। সেই তালিকাত এইবাৰ
অক্ষয় কুমাৰৰ নামো যোগ হ’ব নেকি? বাৰে বাৰে এনে প্ৰশ্ন উত্থাপন হৈছে। মুম্বাইত এখন কিতাপ
উদ্বোধনীৰ মুকলি অনুষ্ঠানলৈ আহি এই প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া
হৈছিল অভিনেতাগৰাকী।
অৱশ্যে অভিনেতা অক্ষয় কুমাৰে কয়
যে ‘মই মোৰ চলচ্চিত্ৰ জগতখনত বহুত সুখী। অভিনয়ত মই সুখী। মোৰ ছবিৰ জৰিয়তে দৰ্শকক
কিছু সামাজিক বাৰ্তা দিবলৈ চেষ্টা কৰোঁ। এনে এখন চিনেমা মই প্ৰযোজনা কৰিব বিচাৰো। এতিয়ালৈকে
১৫০খনৰো অধিক ছবি আগবঢ়াইছো।’ ‘ৰক্ষাবন্ধন’ৰ উপৰি ছবিৰ এখন দীঘলীয়া তালিকা আছে তেওঁৰ
হাতত। ইতিমধ্যে চাৰিখন ছবি ঘোষণা কৰা হৈছে। ‘চেলফি’, ‘বড়ে মিয়া ছোটে মিয়া’, ‘মিছন
চিণ্ডেৰেলা’, ‘হেৰা
ফেৰী-৩’ আৰু কিছুদিনৰ
পাছত মুক্তি পাবলৈ গৈ আছে ‘ৰক্ষাবন্ধন’।
Leave A Comment