comScore
  • OMG ২ৰ টীজাৰ মুক্তিৰ পাছতেই প্ৰতিক্ৰিয়া অক্ষয় কুমাৰৰ; ভগৱানক লৈ অক্ষয়ৰ কি আছিল পূৰ্বৰ ধাৰণা?জানো আহক সবিশেষ

    মনোৰঞ্জন
    OMG ২ৰ টীজাৰ মুক্তিৰ পাছতেই প্ৰতিক্ৰিয়া অক্ষয় কুমাৰৰ; ভগৱানক লৈ অক্ষয়ৰ কি আছিল পূৰ্বৰ ধাৰণা?জানো আহক সবিশেষ
    ডিজিটেল ডেস্কঃ বলীউডৰ 'খিলাড়ী' কুমাৰ অক্ষয় কুমাৰে আগন্তুক ছবি ‘OMG 2’ৰ বাবে এইকেইদিন শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ ছবিখনৰ প্ৰথমটো টিজাৰ মুকলি কৰা হৈছে য’ত অভিনেতাগৰাকীক একেবাৰে বেলেগ ৰূপত দেখা গৈছে।অক্ষয়ক ছবিখনত ভগৱান শিৱৰ চৰিত্ৰত দেখা যাব। ছবিখনৰ প্ৰথম খণ্ডটো ইতিমধ্যে হিট হৈছিল, গতিকে এতিয়া ইয়াৰ দ্বিতীয় খণ্ডৰ বাবেও দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ইফালে অক্ষয় কুমাৰৰ এটা পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁ ভগৱানক আগবঢ়োৱা গাখীৰ আৰু তেলক লৈ প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।

    অক্ষয় কুমাৰৰ এই ভিডিঅ’টো যথেষ্ট পুৰণি য’ত অভিনেতাজনে এবিপি মাঞ্জাক সাক্ষাৎকাৰ দিয়া দেখা গৈছে য’ত তেওঁ কৈছে ‘ভগৱানৰ ওপৰত ইমান গাখীৰ আৰু তেল কিয় অপচয় কৰা হৈছে৷ ক'ত লিখা আছে যে ভগৱানে গাখীৰ দিবলৈ কৈছিল আৰু হনুমানে তেল ঢালিবলৈ কৈছিল। ক'ত লিখা আছে যে ভগৱানে সন্মুখত নাৰিকল ভাঙিবলৈ কৈছিল, মই বুজি নাপাওঁ কিয় মানুহে ইমান অপচয় কৰিছে।'
    OMG 2 ৰ টিজাৰ ওলোৱাৰ লগে লগে অক্ষয়ৰ এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে আৰু ৰাইজে অক্ষয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। 


    উল্লেখ্য যে OMG 2 ছবিখনৰ দ্বিতীয় খণ্ডৰ কথা ক’বলৈ গ’লে, প্ৰথম খণ্ডৰ দৰে এই কাহিনীও ঈশ্বৰক বিশ্বাস কৰা আৰু বিশ্বাস নকৰাৰ কাহিনী, অৰ্থাৎ এজন আস্তিক আৰু নাস্তিকৰ মাজত। প্ৰথম খণ্ডত পৰেশ ৰাৱলক অক্ষয় কুমাৰৰ সৈতে দেখা পোৱাৰ বিপৰীতে দ্বিতীয় খণ্ডত দেখা যাব অক্ষয়ৰ বিপৰীতে পংকজ ত্ৰিপাঠীক।

    তদুপৰি বহুতৰ মতে ছবিখনৰ টিজাৰটো যথেষ্ট শক্তিশালী হিচাপত দেখুওৱা হৈছে, এতিয়া ছবিখন কেনেকুৱা হয় সেয়া প্ৰমাণ  হ’ব মুক্তিৰ পাছত। বলীউডৰ ছবিৰ ক্ষেত্ৰত অক্ষয় কুমাৰৰ দিনবোৰ এতিয়া কিছুদিনৰ পৰা বৰ ভাল নহয়।এতিয়া লক্ষণীয় হ’ব যে OMG 2 য়ে তেওঁৰ হেৰোৱা গৌৰৱ ঘূৰাই দিব পাৰিবনে নোৱাৰে ৷