ডিজিটেল ডেস্ক: হিন্দী চলচ্চিত্ৰ জগতৰ তালিকাৰ অন্যতম শীৰ্ষ অভিনেতা অক্ষয় কুমাৰ। তেওঁ ছুপাৰষ্টাৰ। কিন্তু এৰাতিত বা এদিনতে চুপাৰষ্টাৰ হোৱা নাছিল অক্ষয় কুমাৰ। পটভূমিত দীৰ্ঘ বছৰৰ কঠোৰ পৰিশ্ৰম আৰু আত্মত্যাগৰ বিনিময়তহে অক্ষয় কুমাৰক আজি বিশ্বই জানে । আজি তেওঁ প্ৰতিখন ছবি বা ৰিয়েলিটি শ্ব’ৰ বাবে কোটি কোটি টকা দাবী কৰে। কিন্তু আৰম্ভণিৰে পৰা তেওঁ এনেকুৱা নাছিল। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত বহু কথা মুকলিকৈ প্ৰকাশ কৰে ।প্ৰথমবাৰৰ বাবে তেওঁ পৰ্দাত অভিনয় কৰাৰ বাবে কিমান টকাৰ চেক পাইছিল সেয়াও অৱগত কৰে।
প্ৰথমবাৰৰ বাবে ‘দিবাৰ’ ছবিখনত অভিনয় কৰাৰ সুযোগ আহিল। অক্ষয়ে কয় যে প্ৰমোদ চক্ৰৱৰ্তীৰ সেই ছবিখনৰ বাবে ৫০ হাজাৰ টকাৰ চেক পাইছিল। আজি ভাবিলে আচৰিত লাগে যে অক্ষয় কুমাৰৰ ছবিখনৰ পৰা পোৱা আয় এক লাখৰ ওচৰলৈকেও নাপালে। যদিও 'দিবা'ৰ আগতে 'সৌগন্ধ' মুক্তি পাইছিল। কিন্তু ‘দিবাৰ’ তেওঁৰ প্ৰথমখন ছবি। দ্বিতীয়খন ছবিৰ বাবে অক্ষয়ক দিয়া হৈছিল ৭৫ হাজাৰ টকাৰ চেক।
কেৰিয়াৰৰ প্ৰথম ১০ বছৰ অভিনয়ৰ পৰা অক্ষয়ৰ আয় আছিল ১৮ৰ পৰা ২০ লাখ টকা। কিন্তু বৰ্তমান তেওঁ এখন ছবিৰ বাবে এশ কোটিও পায়। কেনেকৈ সম্ভৱ? সৰ্বভাৰতীয় হিন্দী কাকত এখনক দিয়া সাক্ষাৎকাৰত অক্ষয়ে কয় যে, তেওঁ এবাৰ গম পাইছিল যে বলীউডৰ অভিনেতা জিতেন্দ্ৰ আৰু তেওঁৰ কন্যা তথা জনপ্ৰিয় প্ৰযোজক একতা কাপুৰে ১০০ কোটি টকাৰ ফিক্সড ডিপ’জিট কৰিছে। তাৰ পৰাই অক্ষয়ে আয়ৰ পৰিমাণ বৃদ্ধি কৰাৰ প্ৰেৰণা পালে।
অৱশ্যে অভিনেতাগৰাকীৰ বাবে সময় বিশেষভাৱে ভাল নহয়। যোৱা এবছৰ বা দুবছৰত অক্ষয়ৰ বহুকেইখন ছবি বক্স অফিচত বিফল হৈছে। অ’টিটি প্লেটফৰ্মত মুক্তি পোৱা ‘কাঠপুতলি’ও দৰ্শকক আকৰ্ষণ কৰাত ব্যৰ্থ হয়। শেহতীয়াকৈ মুক্তি পোৱা ‘চেলফি’ ছবিখনেও কোনো সঁহাৰি নিদিলে।
Leave A Comment