comScore
  • অক্ষয় কুমাৰৰ ছবিৰ চেটত নাহৰফুটুকীৰ আক্ৰমণ! গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত মেকআপ আৰ্টিষ্ট

    মনোৰঞ্জন
    অক্ষয় কুমাৰৰ ছবিৰ চেটত নাহৰফুটুকীৰ আক্ৰমণ! গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত মেকআপ আৰ্টিষ্ট
    ডিজিটেল ডেস্ক: অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ ‘বড়ে মিয়া ছোটে মিয়া’ শ্বুটিং ফ্ল’ৰত নাহৰফুটুকীৰ আক্ৰমণ। সূত্ৰ অনুসৰি শ্বুটিং শেষ হোৱাৰ পাছতে বন্ধুক হোটেললৈ লৈ যোৱাৰ সময়ত মেকআপ আৰ্টিষ্টজনক আক্ৰমণ কৰে নাহৰফুটুকীয়ে। নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

    চিকিৎসালয়ৰ বিচনাত পৰি থকা আহত মেক-আপ আৰ্টিষ্ট শ্ৰৱণ বিশ্বকৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে মই মোৰ এজন বন্ধুক হোটেলত বাইকেৰে থৈ আহিছিলো। হঠাতে নাহৰফুটুকী এটাই তেওঁৰ ওপৰত আক্ৰমণ কৰিলে। বাইকৰ পৰা পৰি অজ্ঞান হৈ পৰিলোঁ। পাছত যেতিয়া তেওঁ চেতনা ঘূৰাই পাইছিল, তেতিয়া তেওঁ চিকিৎসালয়ৰ বিচনাত আছিল। খবৰ অনুসৰি তেওঁক কেইবাদিনো চিকিৎসালয়ত ৰখা হ’ব।

    ১৯৯৮ চনত বড়ে মিয়া ছোটে মিয়া মুক্তি লাভ কৰে। ডেভিদ ধাৱানৰ পৰিচালিত ছবিখনত অমিতাভ বচ্চন আৰু গোবিন্দই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ৰবিনা টণ্ডন আৰু ৰম্য কৃষ্ণন আছিল নায়িকা। নব্বৈৰ দশকৰ সেই ছবিখন আছিল এখন আউট এণ্ড আউট কমেডী।

    তথ্য অনুসৰি এই নতুন ছবিখন পুৰণি ছবিখনৰ পুনৰ্নিৰ্মাণ একেবাৰেই নহয়। কেৱল ডেভিদ ধাৱানৰ এখন পুৰণি ছবিৰ পৰা নামটোহে লোৱা হৈছে। কাহিনীটো সম্পূৰ্ণ নতুন হ’ব। শুনা যায় যে যিহেতু ছবিখনত টাইগাৰ আৰু অক্ষয় যুটি দেখা যাব, গতিকে পৰিচালক আব্বাছে ছবিখনত একচনক অধিক গুৰুত্ব দিব। অহা বছৰৰ আৰম্ভণিতে এই ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব পাৰে। অৱশ্যে অক্ষয় আৰু টাইগাৰৰ বাহিৰে আন কোনে অভিনয় কৰিব সেই কথা সদৰি কৰিব বিচৰা নাই পৰিচালকে।





    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388