comScore
  • ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ৰ বাবে আলিয়াই পাইছিল ১৫লাখ টকা! কি কৰিছিল সেই টকাৰে?

    মনোৰঞ্জন
    ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ৰ বাবে আলিয়াই পাইছিল ১৫লাখ টকা! কি কৰিছিল সেই টকাৰে?
    ডিজিটেল ডেস্কঃ বৰ্তমান সময়ৰ শীৰ্ষ বলীউড অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আলিয়া ভাট। অতি সোনকালেই হলিউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হোৱা আলিয়াই ২০১২ চনত ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ ছবিখনেৰে বলীউডত খোজ পেলাইছিল। পৰিচালক কৰণ জোহৰৰ এই ছবিখনত আলিয়াৰ সৈতে আছিল সিদ্ধাৰ্থ মালহোত্ৰা আৰু বৰুণ ধাৱান।

    প্ৰথমবাৰৰ বাবে অভিনয় কৰিয়েই আলিয়াৰ কেৰিয়াৰ উৰ্ধমুখী হৈ পৰিছিল। আলিয়াই জীৱনৰ প্ৰথমখন ছবিৰ বাবে কিমান মাচুল পাইছিল জানেনে?

    চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাট আৰু অভিনেত্ৰী ছোনী ৰাজদানৰ কন্যা আলিয়াই মাত্ৰ ১৯ বছৰ বয়সতে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল। শেহতীয়াকৈ আলিয়াই নিজৰ ১০ বছৰীয়া চলচ্চিত্ৰ যাত্ৰাৰ বিষয়ে কয় আৰু প্ৰথমখন ছবিত তেওঁৰ মাচুল কিমান আছিল সেই কথা কৈছিল।

    আলিয়াই কয় যে ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ৰ বাবে তেওঁ ১৫ লাখ টকা লাভ কৰিছিল। এতিয়া এটা স্বাভাৱিক প্ৰশ্ন মনলৈ আহে যে আলিয়াই প্ৰথম উপাৰ্জনেৰে কি কৰিছিল? ইয়াৰ উত্তৰত আলিয়াই কয় যে তেওঁ প্ৰথম পে’ চেকখনেৰে একো কৰা নাছিল, বৰঞ্চ পোনপটীয়াকৈ মাকৰ হাতত তুলি দিছিল।

    আলিয়াই ক’লে, ‘মই চেকখন চিধাই মাক দিছিলোঁ আৰু বৰ মৰমেৰে কৈছিলোঁ - মা, তুমি টকাখিনি চম্ভালিবা’। আজিলৈকে মোৰ টকাৰ হিচাপবোৰ মোৰ মায়েই চোৱা-চিতা কৰে।

    উল্লেখ্য যে কৰণ জোহৰৰ ছবি ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’ ছবিখনৰ চিত্ৰনাট্যৰ দুৰ্বলতাৰ বাবে সমালোচনা কৰা হৈছিল। ছবিখন বক্স অফিচত সফল হৈছিল যদিও আজিও এই ছবিখন কৰণৰ আটাইতকৈ বেয়া ছবি বুলি কোৱা হয়। শেহতীয়াকৈ তেওঁৰ ‘কফি উইথ কৰণ ৭’ অনুষ্ঠানত কৰণে নিজেই স্বীকাৰ কৰিছিল যে তেওঁৰ এই ছবিখনত বহু ভুল ৰৈ গ’ল।