comScore
  • গৰ্ভাৱস্থাতো কাম কৰিবলৈ যোগ্য নেকি আলিয়া ভাট? উপযুক্ত বক্তব্যৰে উত্তৰ দিলে বলীউডৰ অভিনেত্ৰীগৰাকীয়ে

    মনোৰঞ্জন
    গৰ্ভাৱস্থাতো কাম কৰিবলৈ যোগ্য নেকি আলিয়া ভাট? উপযুক্ত বক্তব্যৰে উত্তৰ দিলে বলীউডৰ অভিনেত্ৰীগৰাকীয়ে
    ডিজিটেল ডেস্ক: কাপুৰ পৰিয়ালৰ বোৱাৰী হোৱাৰ পাছত অতি সুখী আলিয়া। বলীউডৰ অভিনেত্ৰী আলিয়া ভাট বৰ্তমান ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ এক অতি সুন্দৰ পৰ্যায়ত আছে। ছবিৰ সফলতা সমূহ উপভোগ কৰি থকাৰ সময়তে স্বামী ৰণবীৰ কাপুৰৰ সৈতে প্ৰথম সন্তানৰ আশা কৰিছে। এই খবৰটো বৰ্তমান তেওঁৰ অনুৰাগী আৰু পৰিয়ালৰ লোকসকল অতি সুখী আৰু উৎফুল্লিত কৰি তুলিছে।

    মঙলবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অভিনেত্ৰীগৰাকী আৰু তেওঁৰ আগন্তুক ছবি ডাৰ্লিংছৰ দলটোৱে সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়তে তেওঁক প্ৰথম গৰ্ভাৱস্থাৰ মাজতে কাম কৰাৰ বিষয়ে প্ৰশ্ন উত্থাপন হৈছিল। কেতিয়াবা বিৰতি লোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে নেকি বুলি সোধাত ভট্টে মঙলবাৰে কয় যে স্বাস্থ্যই অনুমতি দিয়া সময়লৈকে তেওঁ কাম কৰি যাব। যদি আপুনি ফিট আৰু সুস্থ, তেন্তে জিৰণি লোৱাৰ প্ৰয়োজন নাই। 

    ১০০ বছৰ বয়সলৈকে কাম কৰাৰ আশা কৰা বলীউডৰ তাৰকাগৰাকীয়ে কয় যে, "আপুনি যদি ফিট আৰু সুস্থ, তেন্তে জিৰণি লোৱাৰ প্ৰয়োজন নাই। কাম কৰিলে মই শান্তি পাও,  তেওঁৰ আগন্তুক ছবি 'ডাৰ্লিংছ'ৰ এটা গীত "লা লাজ"ৰ উন্মোচনী অনুষ্ঠানত উপস্থিত সাংবাদিকৰ আগত কয় "মই ১০০ বছৰ বয়সলৈকে কাম কৰিম।"

    আলিয়াই হলিউডত আত্মপ্ৰকাশৰ কথাও উল্লেখ কৰে সংবাদ মাধ্যমক। শেহতীয়াকৈ ব্ৰিটেইনত “হাৰ্ট অৱ ষ্ট’ন”ৰ বাবে শ্বুটিং কৰা অভিনেত্ৰীগৰাকীয়ে কয় যে নেটফ্লিক্সৰ চিনেমাখনৰ কাম কৰাটো এটা সুকীয়া অভিজ্ঞতা আছিল।

    তেওঁ কয় , "মই নাৰ্ভাছ আছিলো কাৰণ এই সকলোবোৰ নতুন আছিল। ইয়াৰ উপৰিও মোৰ প্ৰথম একচন ফিল্ম আছিল, কিন্তু তেওঁলোকে মোৰ বহুত যত্ন লৈছিল আৰু মোক ঘৰত থকাৰ দৰে অনুভৱ কৰাইছিল। মই বহুত শিকিছিলো। একে সময়তে, মই অনুভৱ কৰিছিলো হলিউডত ছবি যে ইমান বেলেগ নহয়। আমি ইয়াত যি কৰোঁ তাৰ পৰা মাত্ৰ ভাষাটো বেলেগ আছিল।"

    ডাৰ্লিংছ আৰু হাৰ্ট অৱ ষ্টোনৰ উপৰিও আলিয়াৰ ৰণবীৰৰ সৈতে ব্ৰহ্মষ্ট্ৰা আৰু প্ৰিয়ংকা চোপ্ৰা আৰু কেটৰিনা কাইফৰ সৈতে জী লে জাৰাৰ  লগতে অন্যান্য প্ৰজেক্ট আছে।