ডিজিটেল ডেস্কঃ বিবাহৰ আগতে আপুনি গৰ্ভৱতী আছিল নেকি অভিনেত্ৰী আলিয়া ভাট? আলিয়াই লুকুৱাব বিচাৰিও লুকুৱাব পৰা নাছিল নেকি কথাটো? আলিয়াৰ বিয়া এপ্ৰিলত হৈছিল, আৰু কেইদিনমানৰ ভিতৰতে তেওঁলোকৰ সংসাৰলৈ এজন নতুন অতিথিৰ আগমণ ঘটিছিল। ইয়াৰ অৰ্থ এয়াই নেকি যে বিয়াৰ আগতে গৰ্ভধাৰণ কৰাৰ বাবেই ততাতৈয়াকৈ আলনয়া বিবাহপাশত আব্ধ হৈছিল। এনেবোৰ প্ৰশ্নই এতিয়া ঘূৰি ফুৰিছে নেট বিশ্বত। বহুতে আলিয়া ভাটক সমালোচনাৰো লক্ষ্য কৰি লৈছে।
অৱশ্যে লেখিকা তথা আলিয়াৰ ভগ্নী শ্বাহিন ভাটে এনেবোৰ সমালোচনাত নীৰৱ হৈ থাকিব নোৱাৰিলে। শ্বাহিনৰ স্পষ্ট মত ’হ’ব পাৰে, কি ডাঙৰ কথা’? তেওঁ কয় যে যিয়েই নহওঁক, এয়া আলিয়াৰ ব্যক্তিগত জীৱন আৰু সিদ্ধান্ত। পৰিয়ালৰ সকলোৱে বহুত সুখী। বাহিৰৰ লোকৰ এনেবোৰ কথাকলৈ সমস্যা ক'ত?
এক সাক্ষাৎকাৰত শ্বাহিনে কয়, "মানুহে এইটোও ভাবি আছে যে আলিয়া মাতৃ হ'লে কাম কৰা বন্ধ কৰিব! সেয়াও সঁচা নেকি?"
ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে বহু বছৰ ধৰি ইজনে সিজনৰ মাজত প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰাৰ পিছত ১৪ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল। মুম্বাইত ৰণবীৰৰ বাসগৃহত বিবাহ অনুষ্ঠান সৰুকৈ অনুষ্ঠিত কৰা হৈছিল। দুমাহৰ পিছত যেতিয়া আলিয়া হলীউডৰ ছবি 'হাৰ্ট অফ ষ্টোন'ৰ বাবে লণ্ডনত আছিল, সকলোৱে জানিব পাৰিছিল যে অভিনেত্ৰীগৰাকী মাতৃ হ'বলৈ গৈ আছে। আলিয়া-ৰণবীৰে চিকিৎসালয়ৰ বিচনাত শুই থকা শিশুটোৰ এখন ফটোও শ্বেয়াৰ কৰিছিল।
শ্বাহিনে কয় "মই আলিয়াৰ হৈ কথা নকওঁ। কাৰণ এয়া তেওঁৰ ব্যক্তিগত জীৱনৰ কথা। তেওঁৰ ব্যক্তিগত জীৱনত যি ঘটে সেয়া সম্পূৰ্ণৰূপে তেওঁৰ কথা। মই কেৱল ক'ব পাৰোঁ যে সকলোৰে নিজৰ কেতবোৰ স্বাধীনতা থাকে। এইক্ষেত্ৰত কোনেও দায়িত্ব ল’ব নালাগে। সদায় নেতিবাচক মন্তব্য থাকিবই। সমাজ এখনত বাস কৰিবলৈ, আমি কি শুনিব লাগে আৰু সেইবোৰ এখন কাণেৰে শুনি আন খন কাণেৰে উলিয়াই দিহব লাগে সেয়া শিকিব লাগিব। "
তেওঁ লগতে কয় "এইবছৰটো আমাৰ পৰিয়ালৰ বাবে এটা ভাল বছৰ। আমাৰ পৰিয়ালত সদস্যৰ সংখ্যা বাঢ়িছে। ইয়াতকৈ অধিক আনন্দদায়ক কথা কি হ'ব পাৰে!"আলিয়াক শেষবাৰৰ বাবে অয়ন মুখাৰ্জী পৰিচালিত ছবি 'ব্ৰহ্মাস্ত্ৰ'ত দেখা গৈছিল। একে সময়তে আলিয়াৰ নিজা প্ৰযোজনাত নেটফ্লিক্সত 'ডাৰ্লিংছ' মুক্তি দিয়া হৈছিল। 'হাৰ্ট অফ ষ্টোন' অহা বছৰ মুক্তি পাব।
ইয়াৰ মাজতে তেওঁ আন কোনো চলচ্চিত্ৰৰ বাবে চুক্তি স্বাক্ষৰ কৰা নাই বুলি জানিব পৰা গৈছে। মাক হোৱাৰ পিছত, অলপ বিশ্ৰাম লৈ আলিয়াই পুনৰ কামলৈ ঘূৰি আহিব বিচাৰে। ৰণবীৰে ঘৰত শিশুটোৰ যত্ন ল'ব। অভিনেতা ৰণবীৰ কাপুৰেও কৈছে যে তেওঁ এজন ভাল দেউতাক হ'ব বিচাৰে।
Leave A Comment