• ‘কৌন বনেগা কৰৌড়পতি’ৰ জৰিয়তে বিবাহিত দম্পতীলৈ কি পৰামৰ্শ আগবঢ়ালে অমিতাভ বচ্চনে?

    মনোৰঞ্জন
    ‘কৌন বনেগা কৰৌড়পতি’ৰ জৰিয়তে বিবাহিত দম্পতীলৈ কি পৰামৰ্শ আগবঢ়ালে অমিতাভ বচ্চনে?
    ডিজিটেল ডেস্ক: ভাৰতীয় টেলিভিচন জগতৰ জনপ্ৰিয় অনুষ্ঠান ‘কৌন বনেগা কৰৌড়পতি’ অনুষ্ঠানৰ হষ্ট তথা জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনে শেহতীয়াকৈ ‘কৌন বনেগা কৰৌড়পতি’ৰ ষোল্ল নং খণ্ডত প্ৰেম সম্পৰ্কত সকলো বিবাহিত দম্পতীৰ বাবে প্ৰেৰণ কৰে এক বাৰ্তা। 

    বিগ বিয়ে প্ৰতিযোগী দীপালী ছোনীক স্বামীৰ সৈতে প্ৰেমৰ কাহিনী সম্পৰ্কে কৰা প্ৰশ্নৰ প্ৰত্যুত্তৰৰ আঁত ধৰি বিগ বিয়ে প্ৰেম সম্পৰ্কত মন্তব্য কৰি কয় ‘বিবাহিত দম্পতী য’তেই যাওঁক ভিডিঅ’ বনাব লাগে।’এনেদৰে প্ৰেমৰ মাদকতা জীপাল হৈ থাকিব বুলি মন্তব্য দিয়ে অভিনেতা গৰাকীয়ে৷ 

    অমিতাভ বচ্চনে প্ৰেম সম্পৰ্কে বক্তব্য প্ৰদান কৰা পাছতে, এটা পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল য’ত অভিষেক-ঐশ্বৰ্য্যাৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰি সম্পৰ্কে কোৱা দেখা গৈছিল। 

    সমাজত জনপ্ৰিয়তা লাভ কৰা তাৰকাসকলৰ ব্যক্তিগত জীৱনক লৈ এনেধৰণৰ উৰাবাতৰিৰ ঘটনা কোনো নতুন কথা নহয়। যান্ত্ৰিকতাৰ মাজত ম্লান পৰি যোৱা প্ৰেমক উজ্জীৱিত কৰি ৰাখিবলৈ আহ্বান জনায় জনপ্ৰিয় অভিনেতা গৰাকীয়ে৷