• কেবিচি-১৬ত অমিতাভ বচ্চনৰ প্ৰতি খণ্ডৰ মাননি জানিলে আপুনিও হ’ব আচৰিত! ২৫ লাখৰ পৰা ৫ কোটিলৈ এক সফল যাত্ৰা

    মনোৰঞ্জন
    কেবিচি-১৬ত অমিতাভ বচ্চনৰ প্ৰতি খণ্ডৰ মাননি জানিলে আপুনিও হ’ব আচৰিত! ২৫ লাখৰ পৰা ৫ কোটিলৈ এক সফল যাত্ৰা
    ডিজিটেল ডেস্কঃ অমিতাভ বচ্চনে দীৰ্ঘদিন ধৰি কুইজ ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা কৰৌড়পতি’ত আঁত ধৰি আহিছে। শেহতীয়াকৈ ছিজন-১৫ক বিদায় দিয়াৰ পাছত নতুন ছিজনৰ প্ৰথম দিনটোতে পুনৰ দৰ্শকৰ মাজত অলপ আৱেগ-অনুভূতিৰ সৃষ্টি হয়। জনসাধাৰণৰ চাহিদাত শ্ব’টোৰ ১৬ সংখ্যক ছিজন লৈ ঘূৰি আহিছে শতিকাৰ ছুপাৰষ্টাৰগৰাকীয়ে। কেবিচিৰ সৈতে মানুহৰ সংযোগ আৰু অমিতাভ বচ্চনৰ অনন্য অনুষ্ঠানে প্ৰমাণ কৰে যে বিগ বিক বাদ দি এই অনুষ্ঠানৰ বাবে কোনোৱেই উপযুক্ত ঘোষক নহয়। 

    অমিতাভ বচ্চন কেবিচিৰ গৌৰৱ। ‘কৌন বনেগা কৰৌড়পতি’ বহু ভাষাত সম্প্ৰচাৰিত হয়। কিন্তু, অমিতাভ বচ্চনে আঁত ধৰা হিন্দী সংস্কৰণটোৱেই আটাইতকৈ জনপ্ৰিয়। ২৫ লাখ টকাৰ মাননি লৈ অমিতাভ বচ্চনে এই অনুষ্ঠানটো আৰম্ভ কৰিছিল। এই অনুষ্ঠানটোৱে প্ৰতি বছৰে তেওঁৰ মাননি বৃদ্ধি কৰি আহিছে। অমিতাভ বচ্চনে এই ছিজনত বিশাল বাজেটেৰে উভতি আহিছে ।

    চতুৰ্থ ছিজনলৈকে অমিতাভ বচ্চনৰ মাননি দুগুণ বৃদ্ধি পালে। ‘কেবিচি ৪’ত ঘোষক হিচাপে বাবে তেওঁ ৫০ লাখ টকা মাননি ল’বলৈ আৰম্ভ কৰে। কেবিচিৰ দৰ্শকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাত ষষ্ঠ ছিজনলৈ অমিতাভ বচ্চনৰ মাননি ১.৫ কোটি টকা হ’ল। অষ্টম ছিজনত তেওঁৰ মাননি প্ৰতিটো খণ্ডত ২ কোটি টকালৈ বৃদ্ধি পায়। নৱম ছিজন সম্প্ৰচাৰ হোৱাৰ সময়ত অমিতাভ বচ্চনে নিজৰ মাননি ২.৬ কোটি টকালৈ বৃদ্ধি কৰিছিল। 

    দশম ছিজনত অমিতাভ বচ্চনে প্ৰতিটো খণ্ডত ৩ কোটি টকা উপাৰ্জন কৰি অনুষ্ঠানটোক সফল কৰি তুলিছিল। ইয়াৰ পিছত একাদশ ছিজনৰ পৰা ত্ৰয়োদশ ছিজনলৈকে তেওঁ প্ৰতিটো খণ্ডত ৩.৫ কোটি টকা লৈছিল। একে সময়তে এতিয়া অমিতাভে ‘কৌন বনেগা কৰৌড়পতি’ৰ ১৬ সংখ্যক ছিজনত ঘোষক হিচাপে ৫ কোটি টকা(প্ৰতি খণ্ড)মাননি লৈছে