ডিজিটেল ডেস্কঃ যোৱা কেইমাহমানৰ পৰা এই উৰাবাতৰি চলি আহিছে যে বচ্চন পৰিয়ালত বিভাজন হৈছে। মূলতঃ অমিতাভ বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ মাজৰ দূৰত্ব বাঢ়িছে। চলিত মাহৰ আৰম্ভণিতে পূৰ্বৰ মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায় বচ্চনে অকলশৰীয়াকৈ ৫০ বছৰীয়া জন্মদিন উদ্যাপন কৰিছিল। ১ নৱেম্বৰত স্বামী অভিষেক বচ্চন বা বচ্চন পৰিয়ালৰ আন কোনো সদস্যক ঐশ্বৰ্যৰ কাষত দেখা পোৱা নগ’ল। কেৱল কন্যা আৰাধ্যা বচ্চন আৰু মাতৃ বৃন্দা ৰায়ৰ সৈতে ঐশ্বৰ্যই তেওঁৰ বিশেষ দিনটো উদ্যাপন কৰে। অভিষেকও আনুষ্ঠানিকতা ৰক্ষা কৰি মাত্ৰ শুভেচ্ছা দিয়ে। ঐশ্বৰ্যৰ জন্মদিনত বচ্চন পৰিয়ালৰ আন কোনো সদস্যই তেওঁলোকৰ ছ’চিয়েল মিডিয়া পেজত জন্মদিনৰ শুভ বাৰ্তা শ্বেয়াৰ কৰা নাছিল। এইবাৰ অমিতাভৰ নাতিনীয়েক আৰাধ্যা বচ্চনৰ লগতো একে ব্যৱহাৰ বচ্চন পৰিয়ালৰ৷
অভিষেক-ঐশ্বৰ্যৰ একমাত্ৰ কন্যা আৰাধ্যাৰ বয়স ১৩ বছৰ। কন্যা আৰাধ্যাক জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ বুলি ঐশ্বৰ্যই ছ’চিয়েল মিডিয়া পেজত লিখিছে। অভিষেকে জীয়েকক পৃথিৱীৰ সকলোতকৈ বেছি ভাল পায়। কিন্তু আৰাধ্যাৰ মাক-দেউতাকৰ বাহিৰে বাকী বচ্চন পৰিয়ালটো আৰাধ্যাৰ জন্মদিনক লৈ নিমাত৷
ছচিয়েল মিডিয়াত অতি সক্ৰিয় অমিতাভ বচ্চন। তেওঁ প্ৰায় প্ৰতিদিনে বিশ্বকাপৰ বিষয়ে কিবা নহয় কিবা এটা পোষ্ট কৰি আছে। কিন্তু নাতিনীয়েকৰ জন্মদিনত অমিতাভে এটা বাক্যও খৰচ নকৰিলে। অৱশ্যে ছ’চিয়েল মিডিয়া মানে জীৱনৰ সকলো কথা নহয়। মুকলিকৈ শুভেচ্ছা প্ৰকাশ নকৰিলেও আজিৰ দিনটোত ককাক আৰু নাতিনীয়েকৰ মাজত প্ৰকৃততে সাক্ষাৎ হৈছিল নে নাই সেয়া জনা নাযায়। নাতিনীয়েক ককাকৰ বৰ স্নেহৰ। ইয়াৰ পূৰ্বে জন্মদিনত আৰাধ্যাক ককাকৰ তৰফৰ পৰা বহু উপহাৰ দিয়া হৈছিল।
Leave A Comment