• এড ৱেষ্টউইকৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'ল এমি জেকচন ; ইটালীত আনন্দ উল্লাহেৰে সম্পন্ন হ’ল বিবাহ

    মনোৰঞ্জন
    এড ৱেষ্টউইকৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'ল এমি জেকচন ; ইটালীত আনন্দ উল্লাহেৰে সম্পন্ন হ’ল বিবাহ
    ডিজিটেল ডেস্কঃ এমি জেকচন আৰু ‘গছিপ গাৰ্ল’ৰ অভিনেতা এড ৱেষ্টউইক বিগত কেইবামাহৰ পৰা ইজনে আনজনৰ সৈতে সম্পৰ্কত আছে। দুদিন পূৰ্বে এডে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এমিৰ সৈতে বিবাহৰ কথা ঘোষণা কৰিছিল। তেওঁ পৰিয়াল আৰু ঘনিষ্ঠ লোকৰ সৈতেও পাৰ্টিৰ আভাস শ্বেয়াৰ কৰিছিল।

    অভিনেত্ৰী এমি জেকচনে ২০১০ চনত অভিনয়ৰ জগতখনত প্ৰৱেশ কৰিছিল। তামিল ছবি ‘মাদ্ৰাসপত্টনম’ৰ জৰিয়তে তেওঁ এই জগতত প্ৰথম খোজ দিয়ে । বলীউডত প্ৰতীক বব্বৰৰ সৈতে ‘এক দীৱানা থা’ ছবিৰে প্ৰথম বলীউডত কাম কৰে । ৰজনীকান্তৰ ৰবট ২.০ ছবিতো দেখা গৈছিল অভিনেত্ৰীগৰাকীক। মডেললৈ পৰিণত অভিনেত্ৰী এমি জেকচনে বহু তেলেগু আৰু কানাড়া ছবিত কাম কৰিছে। অক্ষয় কুমাৰৰ ‘সিং ইজ ব্লিং’ আৰু ‘ফ্ৰিকি আলী’ৰ দৰে বলীউডৰ ছবিত তেওঁ অভিনয় কৰিছে।

    উল্লেখ্য যে ২০২২ চনত এড ৱেষ্টউইক এমি জেকচনে খেলৰ সময়ত লগ পাইছিল আৰু ইজনে সিজনৰ প্ৰেমত পৰিছিল। তেতিয়াৰ পৰা দুয়োজনে ডেটিং আৰম্ভ কৰিলে। দুয়োজনে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলতো প্ৰায়ে বিদেশী ছুটীৰ আভাস শ্বেয়াৰ কৰিছে। এডো যোৱা বছৰ মুম্বাইলৈ আহিছিল আৰু ইয়াত এমিৰ অনুৰাগীয়ে তেওঁক এক বৃহৎ আদৰণি জনাইছিল।

    দেওবাৰে এমি আৰু এড দুয়োজনে নিজৰ বিয়াৰ ফটো নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিলে। দুয়োজনৰ একেলগে জীৱনযাত্ৰা আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিলে। বগা আৰু ক’লা চুট পিন্ধি এডক দেখাত সু্ন্দৰ লাগিছে আৰু লগতে বগা বিবাহৰ সাজ পিন্ধি এমি জেকচনক সৰগৰ পৰি যেন লাগিছে।

    অভিনেত্ৰীগৰাকীয়ে নিজৰ বিশেষ দিনটোত কম পৰিমানৰ মেকআপ আৰু হীৰৰ হাৰ পিন্ধিছিল। তেওঁলোকৰ বিয়াৰ ফটো শ্বেয়াৰ কৰাৰ সময়ত তেওঁ লিখিছে, ‘যাত্ৰা আৰম্ভ হৈছে মাত্ৰ।’ ফটোখন শ্বেয়াৰ কৰাৰ পিছত অনুৰাগীয়ে কমেণ্টৰ শাখাত দুয়োকে অভিনন্দন জনাবলৈ আৰম্ভ কৰে।